শিৱসাগৰত প্লাষ্টিকৰ কেৰি বেগৰ বিৰুদ্ধে অভিযান পৌৰ প্ৰশাসনৰ

IMG-20201015-WA0009
শিৱসাগৰত নিষিদ্ধ হৈ থকা ৫০ মাইক্ৰনৰ তলৰ কেৰি বেগৰ বিৰুদ্ধে নগৰখনৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানত এক অভিযান শিৱসাগৰ পৌৰ প্ৰশাসনে।
শিৱসাগৰ পৌৰ সভাৰ কাৰ্যবাহী বিষয়া ভাস্কৰজ্যোতি ৰাজবংশী, নগৰ প্ৰকল্প বিষয়া মৃদুল কুমাৰ নাথৰ লগতে শিৱসাগৰ পৌৰ সভাৰ বহুকেইজন বিষয়াই আজি নগৰল দ’লমুখ চাৰিআলিৰ  কেইবাখনও ব্যৱসায় প্ৰতিষ্ঠানত অভিযান চলায়।
শিৱসাগৰ পৌৰ প্ৰশাসনে অতৰ্কিতে কৰে এই অভিযানত ৫০ মাইক্ৰনৰ তলৰ কেৰিবেগ ব্যৱহাৰ কৰি থকা বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানক জৰিমনা বিহাৰ লগতে ভৱিষ্যতে এই সমূহ কেৰিবেগ ব্যৱহাৰ নকৰিবলৈ সতৰ্ক কৰি দিয়ে।
শিৱসাগৰ পৌৰসভাৰ নগৰ প্ৰকল্প বিষয়া মৃদুল কুমাৰ নাথে জানিবলৈ দিয়ে যে ‘শিৱসাগৰ চহৰখন প্ৰদূষণ মুক্ত আৰু চাফ চিকুন কৈ ৰখাৰ উদ্দেশ্যে ইতিমধ্যে শিৱসাগৰ পৌৰসভাই ভাৰত চৰকাৰৰ প্লাষ্টিক ৱেষ্টেজ মেনেজমেন্ট নীতি ২০১৬ অধীনত শিৱসাগৰত সম্পূৰ্ণৰূপে ৫০ মাইক্ৰনৰ তলৰ প্লাষ্টিকৰ কেৰিবেগ নিষিদ্ধ ঘোষণা কৰিছিল।
পৌৰ প্ৰশাসনৰ এই সিদ্ধান্তক সন্মান জনায় বহু ব্যৱসায়ী প্ৰতিষ্ঠানে ইতিমধ্যে ৫০ মাইক্ৰনৰ ওপৰৰ কেৰিবেগ ব্যৱহাৰ কৰিছে। যি সকল ব্যৱসায়ীয়ে পৌৰ প্ৰশাসনৰ এই নীতি উলংঘা কৰিছে সেই সকলক জৰিমনা বিহা হৈছে।
আজিৰ অভিযানত ৫০ মাইক্ৰনৰ তলৰ কেৰিবেগ ব্যৱহাৰ কৰা চাৰিখন দোকানৰ পৰা ১০০০ টকাকৈ মুঠ ৪০০০ টকাৰ জৰিমনা সংগ্ৰহ কৰে।
অনাগত দিনত এইদৰে প্লাষ্টিকৰ কেৰি বেগৰ বিৰুদ্ধে শিৱসাগৰৰ বিভিন্ন স্থানত অভিযান চলাই যাব বুলি জানিবলৈ দিয়ে নগৰ প্ৰকল্প বিষয়াগৰাকীয়ে।