শিৱসাগৰত স্বাধীনতা দিৱসৰ প্ৰস্তুতি : গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা

শিৱসাগৰ নিৰাপত্তা

সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো দিনজোৰা কাৰ্য্যসুচীৰে জিলা প্ৰশাসনৰ উদ্যোগত ৭২ তম স্বাধীনতা দিৱস উৎযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ দিনা পুৱা প্ৰভাত ফেৰী,অনুভাষ যন্ত্ৰৰ যোগেদি দেশ প্ৰেমমূলক গীত প্ৰচাৰ, নিজ নিজ বাসগৃহ, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কাৰ্য্যসুচী লোৱা হৈছে।

কাৰ্যসূচী অনুসৰি পুৱা ৮. ৩০  বজাত পিয়লী ফুকন উদ্যান আৰু আনন্দৰাম বৰুৱা উদ্যানত শ্বহীদ তৰ্পণ কৰা হ’ব । পুৱা ৯ বজাত বৰ্ডিং খেলপথাৰত পতাকা উত্তোলন কৰাৰ পাছতেই আৰক্ষী, এন চি চি, স্কাউট-গাইড আৰু গৃহৰক্ষী বাহিনীৰ কুচ-কাৱাজ প্ৰদৰ্শন আৰু কণ কণ ল’ৰা ছোৱালীৰ মাজত খেল ধেমালি অনুষ্ঠিত হ’ব।

ইপিনে ১০ বজাত শিৱসাগৰৰ কাৰাগাৰৰ কাৰাবন্দী, অসামৰিক চিকিৎসালয়ত ৰোগী আৰু প্ৰসুতিৰ মাজত ফল মূল বিতৰণ, স্বপ্নালয়, কৌমুদালয় আৰু বৃদ্ধাশ্ৰামত ফল মূল তথা নিত্য ব্যৱহাৰ্য্য সামগ্ৰী বিতৰণ কৰাৰ লগতে বিয়লি ৩ বজাত জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া সন্থাৰ মাজত এখনি প্ৰীতি ফুটবল খেল অনুষ্ঠিত হ’ব ।

আনহাতে,স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি জিলা আৰক্ষী প্ৰশাসনে সমগ্ৰ জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। অৰ্দ্ধসামৰিক বাহিনীৰ এটা বিশেষ দলে মটৰ চাইকেলত ২৪ ঘণ্টাই চহৰখনত তহল দি নিৰাপত্তাৰ দিশত চোকা নজৰ ৰাখিছে।

তদুপৰি, চহৰৰ মূল প্ৰৱেশ পথসমুহত আৰক্ষীৰ লগতে অৰ্দ্ধসামৰিক বাহিনীয়ে প্ৰতিখন যানবাহনত তন্ন তন্নকৈ তালাচী চলোৱাৰ লগতে অ’এনজিচিৰ খনন আৰু উৎপাদন স্থলী, ৰাজহুৱা স্থান, হাট-বজাৰ, অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থান, ৰে’লৱে ষ্টেশ্যন আদিত ২৪ ঘন্টাই পহৰাৰ ব্যৱস্থা কৰিছে।