• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ অকলশৰীয়া নহয়, আমি আছো : শিৱসেনা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 6, 2019 8:11 pm
2271842d-c4bd-45ef-a152-dbbbd9916f50

আছু আৰু নেছ'ৰ নেতাই বুধবাৰে সাক্ষাৎ কৰে শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ অকলশৰীয়া নহয়, শিৱসেনা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ লগত আছে।‘ বুধবাৰে মুম্বাইৰ মাতশ্ৰীস্থিত বাসগৃহত সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূব ছাত্ৰ সন্থা(নেছ’)ৰ এটা সজাতি দলে শিৱসেনাৰ প্ৰধান উদ্ধৱ থাকৰে আৰু তেওঁৰ পুত্ৰ আদিত্য থাকৰেক সাক্ষাতৰ সময়ত এইদৰে প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ্য যে, বিজেপিয়ে চলিত বাজেট অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত যাতে গৃহীত কৰাব নোৱাৰে তাৰ বাবে ইতিমধ্যে বিৰোধী দল কংগ্ৰেছকে ধৰি অন্যান্য দল-সংগঠনক সাক্ষাৎ কৰিছে আছু-নেছ’ নেতৃত্বই।

আনহাতে, আজি শিৱসেনাৰ দুগৰাকীকৈ মুখ্য নেতাক সাক্ষাতৰ সময়ত তেওঁলোকে ৰাজ্যসভাত সম্পূৰ্ণৰূপে বিধেয়কখনৰ বিৰোধিতা কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ইপিনে, ৰাষ্ট্ৰীয় পৰ্য্যায়ত সহমত প্ৰস্তুত কৰাৰ বাবে শিৱসেনাই চেষ্টা অৱ্যাহত ৰাখিব বুলি জানিবলৈ দিয়া কথা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে নৰ্থ ইষ্ট নাওক জনায়।

‘’এইটো এটা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ইচ্ছ্যু, দেশৰ নাগৰিকৰ স্বাৰ্থ বিঘ্নিত কৰি বিদেশীৰ স্বাৰ্থ সুৰক্ষিত কৰিব খোজা প্ৰচেষ্টাক শিৱসেনাই বাধা দিব।‘’ দীপাংক নাথে এইদৰে কয়।

তদুপৰি, শিৱসেনাই ৰাজ্যসভাত হাতে-কামে এই জাতিধ্বংসী বিলখনৰ বিৰোধিতা কৰিব বুলিও তেওঁ জানিবলৈ দি লগতে কয় যে সংসদত উপস্থিত থাকি শিৱসেনাৰ সাংসদসকলে বিলৰ বিৰোধিতা কৰিব।

তেওঁলোকৰ সম-পৰ্য্যায়ৰ যিখিনি বিৰোধী ৰাজনৈতিক দল আছে, তেওঁলোকৰ সৈতে আলোচনা কৰি পতিয়ন নিয়াবৰ বাবে চেষ্টা কৰিব বুলি আছু আৰু নেছ’ৰ নেতৃত্বক আশ্বাস প্ৰদান কৰে।

আনহাতে, ৰাজ্যসভাৰ সকলো বিৰোধী দলৰ সাংসদক একেমুখে বিধেয়কখন বিৰোধিতা কৰিবলৈ আহ্বান জনাই দীপাংক নাথে কয় যে বিৰোধী সকলোৱে একগোট হৈ ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিপক্ষে ভোট দিবৰ বাবে সাজু হৈ থাকিব লাগে। লগতে বিৰোধী দলসমূহক সদন ত্যাগ নকৰিবৰ বাবেও আহ্বান জনায় দীপাংক নাথে।

‘‘যিসকলে বিধেয়কখনৰ বিৰোধিতা কৰিব তেওঁলোকে সদনত উপস্থিত থাকি বিধেয়কখনৰ বিৰোধিতা কৰিব লাগে।‘’ এইদৰে কয় নাথে।

বুধবাৰে নেছ’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ নেতৃত্বত যোৱা সজাতি দলটোত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, নেছ’ৰ সভাপতি ছেমুৱেল জেৰৱাকে ধৰি অন্যান্য প্ৰতিনিধিবৰ্গই শিৱসেনাক সাক্ষাৎ কৰে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, বিজেপিৰ সৈতে মিত্ৰতাত থকা শিৱসেনাক পূৰ্বতেও অগপ নেতৃত্বই সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিবৰ বাবে আহ্বান জনাইছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd