এগৰাকী ব্যক্তিৰ আত্মহত্যাৰ বাবে যোৰহাটৰ ছয় গৰাকী মহিলাক গ্ৰেপ্তাৰ

suicide 1

প্ৰতিনিধিত্বমূলক ফটো

এজন ব্যক্তিক আত্মহত্যা কৰাৰ বাবে উচটোৱাৰ অভিযোগত আৰক্ষীয়ে সোমবাৰে যোৰহাটৰ গৰমূৰৰ পৰা ছয় গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী বিষয়াই কয় যে ছয় গৰাকী মহিলা-মধুস্মিতা দাস, বুলু দাস, শেৱালি দাস, বাসন্তী হাজৰিকা, দিপালী পাঠক আৰু কবিতা নাথ দাসক কুশল ৰাজবংশী নামৰ লোকজনক আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে যোৰহাট আৰক্ষী থানাত আটাইকেইগৰাকী মহিলাৰ বিৰুদ্ধে ধাৰা ৩০৬ৰ অধীনত(আত্মহত্যাৰ বাবে উচটোৱা) আৰু ধাৰা ৩৯৫ৰ অধীনত(ডকাইতিৰ বাবে শাস্তি) এটা (২৫২৮/২০১৯ নম্বৰ) গোচৰ ৰুজু কৰা হৈছে।

বিষয়াগৰাকীয়ে কয় যে দেওবাৰে নিশা এখন চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা ৰাজবংশী ওদালগুৰিৰ লোক আৰু তেওঁ গৰমূৰত পৰিয়ালৰ সৈতে এটা ভাড়াঘৰত বাস কৰিছিল।

ৰাজবংশীৰ পত্নীয়ে দেওবাৰে নিশা গৰমূৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে মহিলা কেইগৰাকীক গ্ৰেপ্তাৰ কৰে।

ৰাজবংশীৰ পত্নীয়ে অভিযোগ কৰে যে দেওবাৰে ৰাতিপুৱা মহিলাকেইগৰাকীৰ পৰা লোৱা ঋণৰ কেইটামান কিস্তি আদায় নিদিয়াৰ বাবে মহিলা ছয় গৰাকীয়ে ৰাজবংশীৰ চাইকেলখন আৰু তেওঁৰ পান কাৰ্ডখন বলপূৰ্বক কাঢ়ি লৈ যায়।

উক্ত ঘটনাৰ পাছতে ৰাজবংশীয়ে আত্মহত্যা কৰা বুলি কোৱা হৈছে।

এখন দোকানত ছেলছমেন হিচাপে কাম কৰা ৰাজবংশীয়ে তেওঁৰ বৌৱেকৰ সৈতে এটা সুকীয়া ব্যৱসায় চলাবলৈ উক্ত মহিলাকেইগৰাকীৰ পৰা ১.৪১ লাখ টকাৰ ঋণ লৈছিল।

আনহাতে, কেইমাহমান পূৰ্বে তেওঁৰ বৌৱেকজনী পৰিয়ালৰ সৈতে যোৰহাট পৰা গৈ ঘটনাৰ সময়লৈক ঘুৰি অহা নাছিল।

ইয়াৰ পাছতে মহিলাকেইগৰাকীয়ে ৰাজবংশীৰ ওপৰত উপৰ্যুপৰি হেঁচা দিয়ে যাৰ বাবে তেওঁ আত্মহত্যাৰ দৰে চূড়ান্ত পথ গ্ৰহণ কৰিবলগীয়া হয়।

অভিযুক্ত আটাইকেইজনী মহিলাকে মঙলবাৰে আদালতত হাজিৰ কৰোৱাৰ পাছত যোৰহাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।