NORTHEAST NOW (Assamese)

অসমত নতুনকৈ নিৰ্মাণ হ’ব ৬খন ফ্লাই অ’ভাৰ

July 9, 2019 10:15 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

গুৱাহাটী মহানগৰীত পুনৰ নিৰ্মাণ হ’ব তিনিখন ফ্লাই অ’ভাৰ। যানজঁট-প্ৰৱণ এলেকা হিচাপে চিহ্নিত লখৰা, গৰচুক আৰু বশিষ্ট চাৰিআলিত নিৰ্মাণ হ’ব এই তিনিখন ফ্লাই অ’ভাৰ। সোমবাৰে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা জানিবলৈ দিয়ে।

সোমবাৰে মন্ত্ৰী পাটোৱাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ষ্টেট ৰোড চেফ্টি কাউন্সিলৰ বৈঠকত গুৱহাটীত এই তিনিখন ফ্লাই অ’ভাৰৰ উপৰি নগাঁও, বঙাইগাঁও আৰু ডিব্ৰুগড়তো একোখনকৈ ফ্লাই অ’ভাৰ নিৰ্মাণ কৰা হ’ব বুলি জনায়।

মন্ত্ৰী পাটোৱাৰীয়ে জানিবলৈ দিয়া অনুসৰি এই ফ্লাই অ’ভাৰকেইখনৰ নিৰ্মাণৰ দায়িত্ব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণক দিয়া হৈছে।

ইয়াৰ উপৰি নতুনকৈ নিৰ্মাণ কৰিব লগীয়া সেঁতু কেইখনৰ ডি পি আৰ প্ৰস্তুত কৰি থকা হৈছে আৰু ছেপ্তেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী পাটোৱাৰীয়ে।

উল্লেখ্য যে ডি পি আৰ প্ৰস্তুতৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতেই ফ্লাই অ’ভাৰ কেইখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে। চলিত বছৰৰ অক্টোবৰ মাহৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব বুলি ধাৰণা কৰা হৈছে।

Related News