কোকৰাঝাৰত ৬জনকৈ এন ডি এফ বি (সং)ৰ কেডাৰক আটক

কোকৰাঝাৰত যোৱানিশা সেনা আৰু আৰক্ষীৰ এটা যুটীয়া অভিযানকাৰী দলে ৬জনকৈ এন ডি এফ বি (সং)ৰ কেডাৰ আটক কৰিছে।

ঘটনাটোক উত্তৰ-পূবৰ সশস্ত্ৰ বিদ্ৰোহীৰ বিৰুদ্ধে বৃহৎ সফলতা আখ্যা দিছে সেনাৰ ৰে’ড হৰ্ন ডিভিজনে।

আটক হোৱা কেডাৰকেইজন ক্ৰমে, বহাইগীয়া বসুমতাৰী ওৰফে বেলাৰম, ৰঞ্জলাল ৱেৰি ওৰফে গোলবা ওৰফে ডব্লিউ ৰাইথাব, ৰুবিৰাম গয়াৰী ওৰফে জি ৰৌমৱগমৌ, জুলেশ মুছাহাৰী ওৰফে এম জুজিলাং, শৈলেন বৰগয়াৰী ওৰফে বি ছিবিথাও আৰু ৰাজেশ নাৰ্জাৰি ওৰফে এন ৰেইলাং।

কোকৰাঝাৰত সেনা আৰক্ষীয়ে আটক কৰা এন ডি এফ বি (সং)ৰ কেডাৰকেইজন।

ইয়াৰে বহাইগীয়া বসুমতাৰী ওৰফে বেলাৰম সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ সাংস্কৃতিক সম্পাদক আছিল বুলি সেনাৰ সূত্ৰই জনাইছে।

অভিযানকাৰী দলটোৱে ১টা এম ছিক্সটীন এছল্ট ৰাইফল, ৬টা ছেৱেন পইণ্ট ছিক্স ফাইভ এম এমৰ পিষ্টল, ১২টা মেগাজিন, ঔষধ, ৰেচন সামগ্ৰীকে ধৰি আন বহুবোৰ বস্তু আৰু নথি-পত্ৰ জব্দ কৰিছে।

সেনাৰ ৰে’ড হৰ্ন ডিভিজনৰ সূত্ৰটোৱে জনোৱামতে, এটা গোপন সূত্ৰৰ পৰা আৰক্ষীয়ে অক্ষয়গুৰিৰ ওচৰত থকা ৰয়মনা অঞ্চলত এন ডি এফ বি (সং)ৰ সদস্যকেইজনৰ উপস্থিতিত সম্পৰ্কে খবৰ লাভ কৰিছিল। তাৰ পিছতে সদস্যকেইজনক কৰায়ত্ত কৰিবৰ বাবে চোপ লৈছিল অভিযানকাৰী দলটো।

প্ৰথমে বিদ্ৰোহীকেইজনে আন্ধাৰৰ সুযোগ লৈ পলাব বিচাৰিছিল যদিও সেনা-আৰক্ষীৰ দলটো তেওঁলোকক কৰায়ত্ত কৰাত সফল হয়।

ইয়াৰ পিছতে অভিযানকাৰী দলটোৱে তেওঁলোকক জেৰা কৰি ওচৰতে থকা বিদ্ৰোহীৰ শিবিৰটোৰ অৱস্থান জানিব পাৰে আৰু শিবিৰটোত অভিযান চলাই বিভিন্ন অস্ত্ৰ-শস্ত্ৰ আৰু নথি-পত্ৰ জব্দ কৰে।

আটকাধীন কেডাৰকেইজনৰ তিনিজন কোকৰাঝাৰ জিলাৰ আৰু আন তিনিজন চিৰাং জিলাৰ।