ৰাজ্যৰ গৃহ বিভাগৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীত ৰদ-বদল

Assam-Police-750x375

অসম আৰক্ষীৰ লগো, উৎস-ইণ্টাৰনেট

ৰাজ্যৰ গৃহ বিভাগৰ নিৰ্দেশ মৰ্মে আজি অসম আৰক্ষীত সাল-সলনি ঘটোৱা হৈছে।

গৃহ বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি অসম আৰক্ষীৰ ছয় গৰাকী আৰক্ষী অধীক্ষকক বৰ্তমানৰ কৰ্মস্থলীৰ পৰা বিভিন্ন স্থানলৈ বদলি নিৰ্দেশ দিয়া হৈছে।

নিৰ্দেশনা অনুসৰি, কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়লৈ বদলি কৰা হৈছে।

কাহিলীপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখা (ই)ৰ আৰক্ষী অধীক্ষক ভানৱাৰ লাল মীনাক শদিয়াৰ আৰক্ষী আধীক্ষক হিচাপে বদলিৰ নিৰ্দেশ দিয়া হৈছে।

আনহাতে, কাহিলীপাৰা অসম আৰক্ষীৰ বিশেষ শাখা (ই জেদ)ৰ আৰক্ষী অধীক্ষক আই পি এছ ভি ভি ৰেড্ডীক চি আই ডি, গুৱাহাটীৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।

তদুপৰি, কাহিলীপাৰাৰ বিশেষ শাখা (জেদ)ৰ আৰক্ষী অধীক্ষক ৰত্না সিঙক বিশেষ শাখা (ই)লৈ বদলিৰ নিৰ্দেশ দিয়া হৈছে।

চি আই ডিৰ আৰক্ষী অধীক্ষক লীনা দলেক বিশেষ শাখা (ই জেদ)ৰ আৰক্ষী অধীক্ষক হিচাপে বদলিৰ নিৰ্দেশ দিয়াৰ উপৰিও শদিয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীক কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক হিচাপে বদলিৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে, নাগৰিকত্ব (সংশোধন)আইন বিৰোধী আন্দোলনৰ সময়ত অসম আৰক্ষীত ব্যপক হাৰত ৰদ-বদল অব্যাহত ৰখা হৈছে।