NORTHEAST NOW (Assamese)

সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ নাম উজলোৱাৰ প্ৰচেষ্টাত ব্যস্ত শিৱসাগৰৰ ছয় কিশোৰ-কিশোৰী

November 22, 2021 2:27 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
Updated: November 22, 2021 3:04 pm

সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ নাম উজলাবলৈ ব্যস্ত শিৱসাগৰৰ ছয় কিশোৰ কিশোৰী।

২৬ জানুৱাৰীত সৰ্ব ভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হব ship মডেলিং প্ৰতিযোগিতা। সুদীৰ্ঘ ৩২ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰাৰম্ভিক বাচনিত অংশগ্ৰহণ কৰিছে শিৱসাগৰৰ 49 নং নেভীয়ে।

শিৱসাগৰৰ লগতে প্ৰাম্ভিক বাচনিত গুৱাহাটীৰ 48 নং নেভীয়েও অংশ গ্ৰহণ কৰিছে। সৰ্বভাৰতীয় স্তৰত অনুষ্ঠিত এই ship মডেলিং প্ৰতিযোগিতাত অসম INS TARKASH নিৰ্মাণ কৰিছে।

প্ৰাৰম্ভিক বাচনিত যিটো মডেল শ্ৰেষ্ঠ হব সেই মডেলটো ২৬ জানুৱাৰীত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাৰ বাবে অসমৰ পৰা প্ৰেৰণ কৰা হব বুলি জানিবলৈ দিয়ে প্ৰশিক্ষক ৰঞ্জিত বৰুৱাই।

বিগত ১৬ নৱেম্বৰৰ পৰা ৰঞ্জিত বৰুৱাৰ নেতৃত্বত INS TARKASK মডেল নিৰ্মাণত ব্যস্ত হৈ পৰিছে শিৱসাগৰৰ 49 নং নেভীৰ কেডাৰসকল ।

Related News