ভাৰতীয় টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক Kyunki Saas Bhi Kabhi Bahu Thi-2’ ২৫ বছৰ পূৰ্ণ কৰি নতুন ৰূপত ঘূৰি আহিছে। শ্ব’টোৰ মুখ্য চৰিত্ৰ তুলসী বিৰাণীৰ চৰিত্ৰত অভিনয় কৰা স্মৃতি ইৰাণীৰ ছবিয়ে অনুৰাগীৰ মাজত তুমুল উৎসাহৰ সৃষ্টি কৰিছে।
পুনৰ অভিনয় জগতলৈ ঘূৰি আহিছে স্মৃতি ইৰাণী। ধাৰাবাহিক খনৰ তুলসীৰ ছবি অনলাইনত ভাইৰেল হৈ পৰিছে, যিয়ে দৰ্শকৰ মাজত ভাৰতীয় টেলিভিছনৰ তুলসীৰ প্ৰভাৱশালী চৰিত্ৰৰ স্মৃতি জগাই তুলিছে।
তুলসীৰ চৰিত্ৰলৈ ঘূৰি অহাৰ বিষয়ে স্মৃতি ইৰাণীয়ে কয়, ধাৰাবাহাইক খনললৈ ঘূৰি অহাটো ভাৰতীয় টেলিভিছন আৰু তেওঁৰ জীৱন সলনি কৰা এক কাহিনীলৈ ঘূৰি অহাৰ দৰে। এই ধ্ৰাবাহিক খনে তেওঁক কেৱল খ্যাতি দিয়াই নহয়, লাখ লাখ পৰিয়ালৰ সৈতে এক বিশেষ সংযোগ গঢ় দিছিল বুলি মত প্ৰকাশ কৰে।
নতুন ছিজনৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি থকাৰ মাজতে প্ৰযোজকসকলে শীঘ্ৰেই ধাৰাবাহিক খনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিবলৈ সাজু হৈছে। আজি ৰাতি ১০:৩০ বজাত ‘কিউংকি সাস ভি কভি বহু থি’ ছিজন ২ৰ এক বিশেষ প’ষ্টাৰ প্ৰচাৰিত হ’ব, যিয়ে অনুৰাগীসকলক আগন্তুক কাহিনীৰ এক আভাস দিব। উল্লেখ্য যে ২০০০ চনত আৰম্ভ হোৱা এই ধাৰাবাহিক কেৱল জনপ্ৰিয় হোৱাই নহয়, বহু পৰিয়ালৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছিল।