তুষাৰপাতত স্তব্ধ কাশ্মীৰৰ জীৱন-যাত্ৰা : চাৰি দিনে বন্ধ ৰাষ্ট্ৰীয় ঘাইপথ; বৰ্হিবিশ্বৰ সৈতে সংযোগ বিচ্ছিন্ন

index.jpgb

চাৰিদিন পৰ্যন্ত বৰ্হি বিশ্বৰে সংযোগ বিচ্ছিন্নপ্ৰায় হৈ আছে কাশ্মীৰ উপত্যকা।

একেলেথাৰিৰে চাৰিদিন ধৰি প্ৰচণ্ড তুষাৰপাতৰ ফলত কাশ্মীৰ উপত্যকাৰ জীৱন যাত্ৰাও প্ৰায় স্তব্ধ হৈ পৰিছে।

ইফালে বুধবাৰলৈকে চাৰিদিন ধৰি প্ৰচণ্ড তুষাৰপাতৰ ফলত জন্মু-কশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে।

কাশ্মীৰ বিমান বন্দৰটোও তুষাৰপাতৰ বাবে বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

“অত্যাধিক তুষাৰপাতৰ বাবে চামৰ’লি, মাগাৰ্কট, পান্থাল, মাৰং, কেফেটেৰীয়ামুৰ, ধালৱাছ আৰু নাছ্ৰী আদি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন, পংকস্খলন হোৱাৰ লগতে শীলাখণ্ড খহি পৰাৰ ফলত জন্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় সম্পূৰ্ণৰূপে বন্ধ হৈ আছে।” জন্মু আৰু কাশ্মীৰ আৰক্ষীয়ে টুইটাৰত এইদৰে কয়।

আৰক্ষীয়ে জনাইছে যে পান্থাল অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ থকা ৰাজস্থানৰ এটা পৰ্যটক দলক নিৰাপদে উদ্ধাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথটোত তুষাৰপাতৰ লগতে ভূমিস্খলন হোৱাৰ ফলত পৰ্যটকৰ দলটো ৰাষ্ট্ৰীয় ঘাইপথতে আৱদ্ধ হৈ আছিল।

প্ৰচণ্ড তুষাৰপাতৰ ফলত দক্ষিণ কাশ্মীৰ, উত্তৰ কাশ্মীৰ আৰু কেন্দ্ৰীয় কাশ্মীৰ স্বাভাৱিক জনজীৱন প্ৰায় স্তব্ধ হৈ পৰিছে। ইফালে দক্ষিণ কাশ্মীৰৰ কুলগাঁও জিলাত অত্যাধিক তুষাৰপাতৰ ফলত ভূপৃষ্ঠত ছয়ফুট পৰ্যন্ত বৰফ দম হৈ পৰিছে।

ইফালে ভাৰতী বতৰ বিজ্ঞান বিভাগৰ মতে বুধবাৰে নিশাও অৱস্থা অপৰিৱৰ্তিত হৈয়ে থাকিব। বৃহস্পতিবাৰে দুপৰীয়াৰ পৰা অৱস্থাৰ কিছু উন্নত হোৱাৰ সম্ভাৱনা আছে।