ক’ভিড-১৯: শিৱসাগৰত মৃত্যুৰ সংখ্যা ৬০ জন, আক্ৰান্তৰ সংখ্যা ৪৫৩৮ জন

images.jpeg-12

প্ৰতিনিধিত্বমূলক ফটো।

দৈনিক শিৱসাগৰত বৃদ্ধি পাইছে ক’ভিড-১৯ত মৃত্যু হোৱা লোক আৰু আক্ৰান্তৰ সংখ্যা। শনিবাৰে শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি শনিবাৰলৈকে শিৱসাগৰৰ ৬০ গৰাকী ব্যক্তি ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছে।

শিৱসাগৰত মুঠ কভিড ১৯ পজিটিভৰ সংখ্যা ৪৫৩৮ জন। বৰ্তমানলৈকে শিৱসাগৰত ৯৩৫৭৪ গৰাকী ব্যক্তিৰ শ্বাৱ টেষ্ট সম্পন্ন কৰা হৈছে।

শিৱসাগৰৰ পাঁচখন হাস্পাতলত আইশ্যলেশ্যনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে ভিতৰত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৭৪ গৰাকী, আৰৱান মডেল হাস্পাতলত ৭৩ গৰাকী, ডিমৌ পলিক্লিনিকত ৭০ গৰাকী, অ’এনজিচি হাস্পাতলত ১৪ গৰাকী আৰু চ্যুকাফা হাস্পাতলত ৯গৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী চিকিৎসাধীন হৈ আছে।

সেইদৰে, ডিব্ৰুগড় মেডিকেল কলেজত ৩৫ গৰাকী, যোৰহাট মেডিকেল কলেজ হাস্পাতলত ২৮ গৰাকী ব্যক্তি চিকিৎসাধীন হৈ থকাৰ লগতে বিভিন্ন ব্যক্তিগত নাৰ্চিং হোমত ৫৬ গৰাকী ক’ভিড-১৯ পজিটিভ ব্যক্তি চিকিৎসাধীন হৈ আছে।

ইপিনে শিৱসাগৰত শনিবাৰে পুৱা শিৱসাগৰৰ বিশিষ্ট চিকিৎসক কনক চন্দ্ৰ চাংমাইৰ কভিড-১৯ত মৃত্যু হয়।