• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ মিত্ৰতাই ‘থ্ৰী ইডিয়টছ’ত পৰিণত কৰিলে অগপৰ তিনি নেতাক!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2019 7:55 pm
three-idiots

ব্যংগাত্মক শিৰোনামৰ সৈতে ছ'চিয়েল মিডিয়াত ঘূৰি ফুৰা এখন ফটো।

547
VIEWS
Share on FacebookShare on Twitter

ৰাতিটোৰ ভিতৰতে মোট সলাই বিজেপিৰ শিবিৰৰ সৈতে পুনৰ মিতিৰালি কৰা অগপ দলটোৰ তিনিজন নেতা ক্ৰমে সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী অসমৰ ৰাইজৰ দৃষ্টিত থ্ৰী ইডিয়টছ (3-idiots)লৈ পৰ্য্যৱসিত হ’ল নেকি?

বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰা বাবে ব্যাপক সমালোচনাৰ সন্মুখীন হোৱা অগপৰ নেতাকেইজনক আমিৰ খানৰ বিখ্যাত চিনেমা ‘থ্ৰী ইডিয়টছ’ৰ চৰিত্ৰকেইটাৰ সৈতে ৰিজনি কৰা দেখা গৈছে ছ’চিয়েল মিডিয়াৰ য়ুজাৰসকলক। আৰ এছ এছৰ খাকী হাফপেণ্ট আৰু বগা চাৰ্টৰ য়ুনিফ’ৰ্মত তিনিওজনকে একেলগে বিখ্যাত চিনেমাখনৰ শিৰোনামৰ সৈতে তুলি ধৰা ছবি আৰু মন্তব্যৰ সৈতে ফেইচবুক, হোৱাটছ এপত বাগৰি ফুৰা দেখা গৈছে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি বিজেপিৰ সৈতে মিত্ৰতা ছেদ কৰা আঞ্চলিক দলটোৱে যোৱা ১২ মাৰ্চত পুনৰ মিত্ৰতা কৰে হিন্দু বাংলাদেশীৰ সংস্থাপনৰ চেষ্টা কৰি থকা ৰাষ্ট্ৰীয় দলটোৰ সৈতে।

দলটোৰ এই মিত্ৰতাৰ সিদ্ধান্ত সামূহিক সিদ্ধান্তৰ পৰিৱৰ্তে, শীৰ্ষ তিনি-চাৰিজন নেতাৰহে বুলি প্ৰাক্তন মুখ্য মন্ত্ৰী তথা দলটোৰ জ্যেষ্ঠ নেতা প্ৰফুল্ল কুমাৰ মহন্তই ইতিমধ্যে অভিযোগ আনিছে।

মহন্তৰ অভিযোগৰ আঙুলি যে ঘাইকৈ এই তিনিওজন নেতালৈকে, সেয়া কাৰো বুজিবলৈ বাকী নাই।

মন কৰিব লগীয়া যে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী, দলটোৰ এই তিনিজন মিত্ৰতাৰ সূত্ৰে বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনত মন্ত্ৰী হৈ আছিল। মিত্ৰতা ত্যাগ কৰাৰ পিছতে তেওঁলোকে মন্ত্ৰী হিচাপে পদত্যাগ পত্ৰ দিছিল যদিও যোৱা ১২ মাৰ্চত মিত্ৰতালৈ পুনৰ ঘূৰি অহাৰ পিছতে পুনৰ মন্ত্ৰী পদো ঘূৰাই লয় আটাইকেইজনে।

এনে ওলোটা খৰ মৰা বাবে তিনিওজনে দৰাচলতে মন্ত্ৰিত্ব আৰু অন্যান্য সা-সুবিধাৰ লালসাতে দলৰ পূৰ্বৰ স্থিতিক ভৰিৰে মোহাৰি মিত্ৰতা কৰা বুলি অভিযোগ উঠিছে। আনহাতে ৪০ কোটি টকাত আঞ্চলিকতাবাদ তথা জাতীয়তাবাদ বিক্ৰী কৰা বুলিও অসমৰ সাধাৰণ নাগৰিকে অভিযোগ আনিছে দলটোৰ নেতাকেইজনৰ বিৰুদ্ধে।

 

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd