“মই দুৰ্গা, এক নম্বৰৰ দুৰ্গা, সময় সাপেক্ষে মই নিজৰ ৰূপটো ধাৰণ কৰিম”, ক’লে অসমৰ এগৰাকী মন্ত্ৰীয়ে

pramila-rani-brahma

প্রমীলাৰাণী ব্ৰহ্ম। ফাইল ফটো।

“মই দুৰ্গা, এক নম্বৰৰ দুৰ্গা, সময় সাপেক্ষে মই নিজৰ ৰূপটো ধাৰণ কৰিম। মই সেইসকলক সকীয়াই দিছো, যাতে ভৱিষ্যতে কেতিয়াও এনে ঘটনা হ’ব নোৱাৰে”, শাৰদীয় দুৰ্গোৎসৱৰ মহাষষ্ঠীৰ দিনটোতে সংবাদ মাধ্যমৰ আগত এই হুংকাৰ দিছে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই।

যোৱা ২৮ ছেপ্টেম্বৰৰ দিনা দুটা পৃথক ঘটনাত কোকৰাঝাৰ জিলাৰ সোণাপুৰ আৰু ধৰমতুল গাঁৱৰ  দুগৰাকী নাৱালিকাক দুৰ্বৃত্তই ঘৰৰ ভিতৰত কিতাপ পঢ়ি থকা অৱস্থাতে খিৰিকীৰে ৰাসায়নিক স্প্ৰে’ নিক্ষেপ কৰিছিল। ঘটনাটোক ধৰ্ষণৰ চেষ্টা বুলি ভবা হৈছে। নিজৰ সমষ্টিৰ দুখনকৈ গাঁৱত এনে ধৰণৰ ঘটনাৰ পিছতে মন্ত্ৰীগৰাকীয়ে আজি এই হুংকাৰ দিয়ে।

ঘটনাটোৰ পাছতে নিজকে বেছিকৈ সাহসী হোৱা বুলি দাবী কৰি মন্ত্ৰীগৰাকীৰ মন্তব্য, “সেই ঘটনাৰ পৰা নিজকে সাহসী হিচাপে দেখা পাইছো”।

আনহাতে, বি টি চিত বেয়া পৰিৱেশ সৃষ্টিৰ উদ্দেশ্যে কোনো দুষ্কৃতিকাৰীয়ে এনে ধৰণৰ ঘটনাবোৰ সংঘটিত কৰিছে বুলি দাবী কৰি তেওঁ সেইসকলক মহিষাসুৰ আখ্যা দিয়ে।

“বি টি চিত বেয়া পৰিৱেশ সষ্টি কৰিবৰ কাৰণে যি চেষ্টা চলাই আছে তেৱেঁই মহিষাসুৰ”, ব্ৰহ্মৰ মন্তব্য।

সঘনাই নিজৰ জিলাখনত এনেকুৱা ঘটনা হোৱাটোত তেওঁ দুঃশ্চিন্তা ব্যক্ত কৰে আৰু তেওঁক ক্ষুভিত কৰা বুলি জানিবলৈ দিয়ে।

“নাৱালিকা ছোৱালী বিলাকক খিৰিকীৰে স্প্ৰে’ মাৰি অচেতন কৰি ধৰ্ষণ কৰিবলৈ কোনে ইন্ধন যোগাইছে? এইবোৰ ঘটনা দেখি মই থাকিব পৰা নাই, আৱেগিক হৈ পৰিছো”, ক্ষুভিত হোৱাৰ কথা বুজাবলৈ গৈ মন্ত্ৰীগৰাকীৰ মন্তব্য।

উক্ত ঘটনাটোৰ পাছত মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই কোকৰাঝাৰ ৰাজপথত মমবাতি হাতত লৈ মৌন সমদলত অংশগ্ৰহণ কৰিছিল আৰু ইয়াক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আখ্যা দিছিল।