চামগুৰি-পুৰণিগুদামৰ সংস্কৃতিৰ পূজাৰী লক্ষীৰাম বৰাৰ মৃত্যু : অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

index.jpgk

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত মিকিৰহাট হাতীগাঁৱৰ নিবাসী তথা বিশিষ্ট সমাজ কৰ্মী, সংস্কৃতি সাধক তথা আধ্যাত্মিক সেৱক লক্ষীৰাম বৰা (৯৫) আজি পুৱা নিজ বাসভৱনত বাধৰ্ক্যজনিত কাৰণত মৃত্যু হয়।

বৰাৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

১৯২৬ চনৰ ১৭ মাৰ্চত মিকিৰহাট হাতীগাঁৱত জন্ম গ্ৰহণ কৰা লক্ষীৰাম বৰাই বিগত সময়ত মূঢ়ানি হাইস্কুল, হাতীগাঁও উন্নয়ন সমিতি, বৰনামঘৰ পৰিচালনা সমিতি, প্ৰদীপ পুথিভড়াল, হাতীগাঁও শিৱ মন্দিৰ সমিতিকে ধৰি অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আহিছিল।

বৰ বায়ন গৰাকীৰ মৃত্যুৰ খবৰ অঞ্চলত বিয়পি পৰাত অসংখ্য গুণমুগ্ধই তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

বিগত দিনত বিশিষ্ট সমাজসেৱক গৰাকীক পুৰণিগুদাম আঞ্চলিক ৰাসোৎসৱ উদযাপন সমিতিয়ে ‘সশ্ৰদ্ধ সম্বৰ্দ্ধনা অৰ্ঘ’ নামৰ এক বঁটা প্ৰদান কৰিছিল।

ধৰ্মপ্ৰাণ ব্যক্তি লক্ষীৰাম বৰাক ২০০৬ চনত পুৰণিগুদাম বিদ্যানিকেতনে ‘সংস্কৃতিৰ মহা পূজাৰী’ বঁটাৰে সন্মানিত কৰিছিল।

সদৌ অসম নৱৰঙ্গ নাট প্ৰতিযোগিতাৰ সাংস্কৃতিক অনুষ্ঠানটোৱে ১৯৯৮ চনত সংস্কৃতি সাধক গৰাকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰিছিল।

বিশিষ্ট সমাজসেৱক তথা বৰ বায়ন লক্ষীৰাম বৰাই মৃত্যুৰ সময়ত পত্নী, কন্যা জোঁৱাই ভতিজা, নাতিসহ পৰিয়ালৰ বহু লোকক ইহ সংসাৰত এৰি থৈ গৈছে।

বিশিষ্ট সমাজসেৱক জনৰ মৃত্যুত অঞ্চলত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷