অৰুণাচলৰ নাৰি-কয়ু লোকসভা সমষ্টিৰ বিধায়ক কেন্তো ৰিনাই অৰুণাচল আৰু অসমৰ সকলো সম্প্ৰদায়ৰ লোককে শান্তিপূৰ্ণ সহাৱস্থান আৰু আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ আৱেদন জনাইছে। তেওঁ দুয়ো ৰাজ্যৰ সীমান্তৰ আশে –পাশে থকা এলেকাসমূহৰ উন্নয়নত সহযোগিতা আগবঢ়াবলৈ জনসাধাৰণলৈ আহ্বান জনায়।
৭ ছেপ্টেম্বৰৰ নিশা নামনি ছিয়াং জিলাৰ অন্তৰ্গত নাৰি মহকুমাৰ বিষয়াবৰ্গই নাৰি চহৰত আয়োজন কৰা ছলুং উৎসৱৰ সামৰণি উৎসৱত যোগদান কৰি বিধায়ক ৰিনাই জনসাধাৰণলৈ এইদৰে গোহাৰি জনায়।
উৎসৱত অংশগ্ৰহণকাৰীসকললৈ আদৰণি জনাই ৰাজহুৱা নেতা কেদিক কাদুৱে ছুলুং উৎসৱক আদি জনগোষ্ঠীৰ আৰ্থ-সামাজিক মেৰুদণ্ড আখ্যা দিয়ে। তেওঁ আৰু কয় যে উৎসৱ-পাৰ্বনে এটা সম্প্ৰদায়ৰ মূল্যবোধক বৰ্তাই ৰাখে।
এই উৎসৱত অংশগ্ৰহম কৰা লোকসকলক সম্বোধন কৰি নাৰিৰ অতিৰিক্ত উপায়ুক্ত বানি লেগোৱে কয় যে ছলুং উৎসৱ আদিসকলৰ মাজতেই সীমাবদ্ধ থকাটো অনুচিৎ আৰু অন্যন্য জাতিগোষ্ঠীয়েও পালন কৰিব লাগে আৰু ইয়াক এটা বিশ্বজনীনতা প্ৰদান কৰিব লাগে। তেওঁ জনজাতি সম্প্ৰদায়ৰ মাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো কয়।
নিয়মীয়া অনুষ্ঠানসূচীৰ উপৰিও এই অনুষ্ঠানত অসমীয়া গীত পৰিৱেশন কৰিছিল অতিৰিক্ত উপায়ুক্ত লেগো আৰু তেওঁৰ পত্নী শ্ৰীমতী তাকলেক লেগোৱে। নাৰিৰ ভলকেনো কালছাৰেল গ্ৰুপৰ পৰিৱেশন আৰু পাছিঘাট পনুং পাৰ্টীৰ দ্বাৰা ছলুং পনুঙৰ পৰিৱেশন এই উৎসৱৰ বিশেষ আকৰ্ষণ আছিল।