য়ুপিপিএলৰ পাভ লুটি! : দুৰ্নীতি পৰায়ণ বুলি গোচৰ তৰি ৰঙা দলিচাৰে আদৰিলে অভিযুক্ত ঠিকাদাৰক

UPPL

বিটিআৰৰ জনগণক দুৰ্নীতিমুক্ত আৰু সুস্থ প্ৰশাসন উপহাৰ দিম বুলি প্ৰতিশ্ৰুতিৱদ্ধ হোৱা প্ৰমোদ বড়োৰ য়ুপিপিএল-এ যেন ক্ষমতা পায়ে পাভ লুটি মাৰিবলৈ আৰম্ভ কৰিছে।

তাৰেই প্ৰতিচ্ছবি দেখা গ’ল আজি কোকৰাঝাৰৰ দোতমাত। প্ৰমোদ বড়োৰ নেতৃত্বাধীন য়ুপিপিএলে বিটিচিৰ এজন প্রথম শ্ৰেণী ঠিকাদাৰক দুৰ্নীতিত অভিযুক্ত গোচৰ তৰি ভাবুকি প্ৰদানেৰে নিজ দলত যোগদান কৰোৱাই আগন্তুক বিধানসভাৰ নিৰ্বাচনত য়ুপিপিএলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদানৰ প্ৰস্তুতি চলোৱা বুলি চৰ্চা চলিছে।

দেওবাৰে হাগ্ৰামা মহিলাৰীৰ এজন ঘনিষ্ঠ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মই সহস্ৰাধিক বিপিএফৰ কৰ্মীক লগত লৈ য়ুপিপিএলত যোগদান কৰিছে।

কোকৰাঝাৰ জিলাৰ দোতমাত আজি আয়োজিত এখন বিশাল যোগদান সমাৰোহত বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যৱাহী সদস্য হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্ম, বিপিএফ দলৰ দোতমা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন এমচিএলএ ইন্দ্ৰমোহন ব্ৰহ্ম, বিএলটি, বিপিএফৰ কেবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতাসহ প্ৰায় সহস্ৰাধিক লোকে আনুষ্ঠানিকভাৱে য়ুপিপিএল দলত যোগদান কৰে৷

ফলত সমাগত বিধানসভা নিৰ্বাচনত কোকৰাঝাৰ পশ্চিম জনজাতি বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ লগতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে৷

উল্লেখ্য যে এসপ্তাহমান পূৰ্বে মনোৰঞ্জন ব্ৰহ্মসহ কেবাগৰাকীও ঠিকাদাৰৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ সোতৰ বছৰীয়া শাসনকালত বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি ৰূপায়ণত নীতি বৰ্হিভূতভাৱে বিত্তীয় কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগ আনি য়ুপিপিএল দলে কোকৰাঝাৰ সদৰ থানাত গোচৰ দিছিল৷

সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে বিটিচি সচিবালয়ৰ পৰা ১৬ টাকৈ ফাইল জব্দ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল৷

ইয়াৰ পিছতে মনোৰঞ্জন ব্ৰহ্মই আজি য়ুপিপিএল দলত যোগদান কৰাৰ পিছত য়ুপিপিএল দলৰ দুৰ্নীতিবিৰোধী স্থিতিকলৈ ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হৈছে।

ইফালে ৰাইজে বিচাৰিলে কোকৰাঝাৰ পশ্চিম জনজাতি বিধানসভা সমষ্টিৰ পৰা দুৰ্নীতিত অভিযুক্ত মনোৰঞ্জন ব্ৰহ্মই সমাগত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলিও সাংবাদিকৰ আগত কয়৷