হাত খুলি খৰচ কৰোতে সাৱধান : মে’ মাহৰ পৰা মুঠি টান নকৰিলে হ’ব পাৰে সংকট

16_03_2019-18_gas_sub_19050405

প্ৰতিনিধিত্বমূলক ফটো

শীঘ্রেই আপোনাৰ বাজেটক প্ৰভাৱিত কৰিব পৰা কিছু পৰিৱৰ্তনৰ খবৰে আপোনাৰ দৈনন্দিন খৰচৰ হিচাপত হাতৰ মুঠি টান কৰিব পাৰে। অহা ১ মে’ৰ পৰাই সংঘটিত হ’বলগীয়া এনে কেইটামান পৰিৱৰ্তনৰ বিষয়ে জানি থোৱা ভাল আপুনিও। কিয়নো আপোনাৰ বাজেটৰ জমা খৰচৰ সন্তুলন ৰক্ষা কৰিবলৈ হ’লে এনে পৰিৱৰ্তনবোৰৰ প্ৰতি সজাগ হোৱাটো অত্যন্ত জৰুৰী।

অহা ১ মে’ত প্ৰতিমাহৰ দৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন নিৰিখ জাৰি কৰা হ’ব। এপ্ৰিল মাহত ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ মূল্য ৫ টকা বৃদ্ধি কৰাৰ বিপৰীতে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্য ২৫ পইচাকৈ বৃদ্ধি পাইছিল। নিৰ্বাচনকালীন সময়তে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নিৰিখ কিমান বৃদ্ধি হ’ব সেয়া অৱশ্যেই লক্ষ্যণীয় হ’ব যদিও এই পৰিৱৰ্তনৰ প্ৰতি আপুনি সাজু থকাটো প্ৰয়োজন।

ৰে’ল যাত্ৰাৰ বাবে আগ্ৰহী যাত্ৰীসকলে অহা ১মে’ৰ পৰা এক নতুন সুবিধা লাভ কৰিব। ৰে’লৰ চাৰ্ট প্ৰস্তুত হোৱাৰ চাৰি ঘণ্টা আগলৈকে আপোনাৰ বৰ্ডিং ষ্টেশ্যন সলনি কৰাৰ সুযোগ লাভ কৰিব। এতিয়া যাত্ৰাৰ সময়তে টিকট বুক কৰোতে আপুনি নিৰ্বাচন কৰা বৰ্ডিং ষ্টেশ্যনটো সলনি কৰাটো সহজ হৈ পৰিব। অৱশ্যে, যাত্ৰাৰ সময়ত বৰ্ডিং ষ্টেশ্যনত সালসলনিৰ বাবে টিকট বাতিল কৰোতে আপুনি টকা উভতাই নাপাব।

অহা মে’ মাহৰ পৰাই দেশৰ আগশাৰীৰ বেংক সেৱা ভাৰতীয় ষ্টেট বেংকে এক নতুন নিয়ম বলবৎ কৰিবলৈ আগবাঢ়িছে। এছ বি আয়ে মে’ মাহৰ পৰা ডিপ’জিট আৰু ঋণৰ হাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বেঞ্চমাৰ্কৰ সৈতে সমান কৰি দিয়া হ’ব। ইয়াৰ ফলত আৰ বি আই ৰেপ’ ৰেটৰ পৰিৱৰ্তন হ’লে গ্ৰাহকৰ জমা আৰু ঋণৰ হাৰতো পৰিৱৰ্তন আহিব। এনে নিয়মৰ ফলত গ্ৰাহকে নিজৰ ছেভিংছ একাউন্টত ৰখা ধনৰ সুত পূৰ্বৰ তুলনাত ক’মকৈ পাব। জানিব পৰা মতে, এই নিয়ম এক লাখ টকাৰ ওপৰৰ জমা ধনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।

একেদৰে পঞ্জাৱ নেশ্যনেল বেংকে তেওঁলোকৰ ডিজিটেল ৱালেট পিএনবি কিটি মে’ৰ পৰা বন্ধ কৰি দিব। পিএনবিয়ে তেওঁলোকৰ গ্ৰাহকসকলক জনাই দিছে যে গ্ৰাহকসকলে পিএনবি কিটিত ৰখা ধন ৩০ এপ্ৰিলৰ ভিতৰত খৰচ কৰিব পাৰে অথবা আইএমপিএছৰ যোগেদি নিজৰ বেংক একাউন্টলৈ ট্ৰেন্সফাৰ কৰক। ১মে’ৰ পৰা পিএনবি কিটিৰ সলনি বিকল্প ৱালেটৰ ব্যৱহাৰ কৰিব লাগিব। আনহাতে, ৱালেটত থকা ধন সময়মতে উলিয়াই নল’লে আপুনি অসুবিধাতো পৰিব পাৰে।

ইয়াৰ মাজতে বিমান যাত্ৰীসকলৰ বাবে ভাল খৱৰটো হ’ল যে এয়াৰ ইম্ডিয়াৰ টিকট বাতিল কৰোতে আপুনি এতিয়া আৰু কোনো অতিৰিক্ত ধন ভৰিব নালাগে। টিকট বুক কৰাৰ ২৪ ঘন্টাৰ ভিতৰত টিকট বাতিল বা সালসলনিৰ ক্ষেত্ৰত এয়াৰ ইণ্ডিয়াই কোনো অতিৰিক্ত কৰ আৰোপ নকৰে।

হয়, অচিৰেই আৰু এনে আৰু বহু পৰিৱৰ্তনে হয়তো আপোনাৰ দৈনন্দিন জীৱনৰ হিচাপ নিকাচৰ ক্ষেত্ৰত হাত ধৰি চলিবলৈ বাধ্য কৰিব। কিয়নো আৰ্থিক ক্ষেত্ৰত দেশৰ বৰ্তমান পৰিস্থিতিটোৱে বিভিন্ন প্ৰতিষ্ঠানসমূহক নতুন সূত্ৰ প্ৰয়োগৰ বাবে প্ৰৰোচিত কৰিছে।