মাত্ৰ সাত দিনতে কমিব ২ৰ পৰা ৩ কেজি ওজন; গৰমত চৰ্বি কমাবলৈ পালন কৰক এই টিপছ

প্ৰতিনিধিত্বমূলক ফটো।

ওজন কমাবলৈ প্ৰথমে নেমু আৰু মৌৰ ডিটক্স পানী খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। দিনটো আৰম্ভ কৰক নেমু আৰু মৌ ডিটক্স পানীৰে। গৰম পানীত নেমু আৰু মৌ মিহলাই প্ৰতিদিনে খাব লাগে। ই শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ আঁতৰাই পেলাব।

ওজন কমাব বিচাৰিলে তেলযুক্ত খাদ্য পৰিহাৰ কৰক। ভজা খাদ্য একেবাৰেই নাখাব। অতিৰিক্ত চৰ্বি হ্ৰাস কৰিবলৈ প্ৰথমে অধিক তেলৰ পৰিমাণ থকা খাদ্যসমূহ আঁতৰাই পেলাওক। তেলযুক্ত খাদ্যৰ পৰা চৰ্বি বৃদ্ধি পায়।

ওজন কমাব বিচাৰিলে চেনিৰ পৰা বিৰত থাকিব লাগে। ওজন কমোৱাৰ কথা আহিলে প্ৰথমে চেনি ত্যাগ কৰিব লাগে। চেনিয়ে বিভিন্ন স্বাস্থ্যজনিত জটিলতাৰ সৃষ্টি কৰে। লগতে ওজন বৃদ্ধি কৰে। গতিকে চেনি খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰক।

ওজন কমাবলৈ দৈনিক পানী খাব লাগে। দৈনিক ৭ৰ পৰা ৮ গিলাচ পানী খাব লাগে। ই শৰীৰক হাইড্ৰেটেড কৰি ৰাখিব। বেছিভাগ মানুহেই ওজন কমাবলৈ চেষ্টা কৰাৰ সময়ত ডিহাইড্ৰেচনত ভোগে। সেইবাবেই অধিক পানী খোৱাটো প্ৰয়োজনীয়। ই লাভজনক হ’ব।

ওজন কমাবলৈ প্ৰথমে সঠিক সময়ত খাদ্য গ্ৰহণ কৰক। সময়মতে ৰাতিৰ আহাৰ খাওক। ৰাতি শুবলৈ যোৱাৰ কমেও ২ ঘণ্টা আগতে খাদ্য খোৱা শেষ কৰক। ই লাভজনক হ’ব।

চৰ্বি কম কৰিবলৈ পুষ্টিকৰ খাদ্য খোৱাটো প্ৰয়োজনীয়। চৰ্বি হ্ৰাসৰ কথা আহিলে বেছিভাগেই কম খাদ্য খায়। তাৰ পৰিৱৰ্তে প্ৰতিদিনে পুষ্টিকৰ খাদ্য খাব লাগে। ১ বাটি সিজোৱা শাক-পাচলি খাব। অতিৰিক্ত চৰ্বি কম কৰিবলৈ পুষ্টিকৰ খাদ্য খোৱাটো প্ৰয়োজনীয়। এই সময়ছোৱাত বহু লোকে পুষ্টিৰ অভাৱত ভুগিবলগীয়া হয়। গতিকে এই টিপছবোৰ মানি চলক।

ডায়েটিং কৰাৰ সময়ত দৈনিক ফলমূল খাব লাগে। নিয়মিতভাৱে ফলমূল খাব লাগে। উপকাৰী ফল-মূলে শৰীৰক সুস্থ কৰি ৰখাৰ লগতে অতিৰিক্ত চৰ্বি কম কৰিব। এই বিশেষ টিপছবোৰ মানি চলক। ফলত আছে বিভিন্ন উপকাৰী উপাদান। যিটো এই সময়ত সকলোৱে খোৱাটো প্ৰয়োজনীয়।