বেটিং এপত কোটি কোটি টকা হেৰুৱালে পুত্ৰই : উপায়হীন পিতৃয়ে বাচি ল’লে নেকি চৰম পথ?

লাখ লাখ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত বছৰৰ আৰম্ভণিৰ পৰাই ইডিৰ নজৰত আছে মহাদেৱ বেটিং এপ। এই বেটিং এপটোৰ অন্যতম অভিযুক্ত অসীম দাস। ইতিমধ্যে তেওঁক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিছে। 

এইবাৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে অসীম দাসৰ পিতৃৰ মৃতদেহ। প্ৰাথমিক তদন্ত অনুসৰি তেওঁ আত্মহত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

মঙলবাৰে ছত্তীশগড়ৰ দুৰ্গ জিলাৰ এখন গাঁৱত মহাদেৱ বেটিং এপৰ কেলেংকাৰীত জড়িত থকা এজন অভিযুক্তৰ পিতৃৰ মৃতদেহ উদ্ধাৰ হয়। মৃত ব্যক্তিগৰাকীৰ নাম সুশীল দাস। 

আৰক্ষীৰ তথ্য অনুসৰি বিগত ২ দিন ধৰি সন্ধানহীন হৈ আছিল অৰ্চোটি গাঁৱৰ ৬২ বছৰীয়া সুনীল দাস। মঙলবাৰে বিয়লি তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। 

প্ৰাথমিক তদন্ত অনুসৰি তেওঁ আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । 

মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৃত্যুৰ সঠিক কাৰণ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট পোৱাৰ পিছতহে জানিব পৰা যাব।

প্ৰসংগক্ৰমে যোৱা ৩ নৱেম্বৰত ইডিয়ে মহাদেৱ পণ চক্ৰৰ অন্যতম অভিযুক্ত অসীম দাসক গ্ৰেপ্তাৰ কৰিছিল। ইডিৰ দাবী যে বেটিং এপটোৰ বিত্তীয় লেনদেনত অসীম জড়িত আছিল। 

মন কৰিবলগীয়া যে এই পণ চক্ৰত ছানী লিয়ন, ৰণবীৰ কাপুৰ, শ্ৰদ্ধা কাপুৰ, কপিল শৰ্মা, নেহা কক্কৰ, বিশাল দাদলানীকে ধৰি বলীউডৰ বিখ্যাত তাৰকা আৰু গায়কসকলৰ নাম জড়িত আছিল। ইডিয়ে ৰণবীৰ আৰু শ্ৰদ্ধা কাপুৰকো চমন কৰিছে।