NORTHEAST NOW (Assamese)

ক’ভিডত পিতৃ-মাতৃক হেৰুওৱা শিশুসকলৰ শিক্ষাৰ দায়িত্ব লওক! মোদীলৈ পত্ৰ প্ৰেৰণ ছোনিয়াৰ

May 20, 2021 4:54 pm · এন ই নাও নিউজ

যিসকল শিশুৰ পিতৃ-মাতৃ উভয়ৰে ক’ভিড-১৯ত মৃত্যুবৰণ কৰিছে, সেই শিশুসকলক চৰকাৰে বিনামূলীয়া শিক্ষা প্ৰদানৰ ব্যৱস্থা লওক।

ইয়াৰ উপৰি তোলনীয়া সন্তানৰ অভিভাৱকৰ মৃত্যু হ’লেও এই ব্যৱস্থা প্ৰযোজ্য হওক।

কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এই সংক্ৰান্তত এখন পত্ৰ প্ৰেৰণ কৰিছে।

তেওঁ কয় যে দেশজুৰি নৱোদয় বিদ্যালয়সমূহে এই শিশুসকলক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত আগভাগ ল’ব পাৰিব।

তেওঁ কয় যে দেশজুৰি নৱোদয় বিদ্যালয়সমূহ তেওঁৰ প্ৰয়াত স্বামী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে দেশৰ গ্ৰাম্যাঞ্চলৰ শিশুসকলে উচ্চ মানদণ্ডৰ আধুনিক শিক্ষা লাভ কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰিছিল।

চৰকাৰে শিশুসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই এই ব্যৱস্থা লোৱাটো অতি প্ৰয়োজনীয় বুলি তেওঁ কয়।

তেওঁ কয় যে মহামাৰীৰ বাবে হাজাৰ হাজাৰ শিশুৱে তেওঁলোকৰ মাক-দেউতাকক হেৰুৱাইছে আৰু বহু ক্ষেত্ৰত শিশুসকলৰ আত্মীয় লোকসকলে অভিভাৱকত্বৰ দায়িত্ব ল’বৰ বাবে আৰ্থিক আৰু মানসিকভাৱে সক্ষম নহয়।

Related News