প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ

Sarbananda_Sonowal Assam submitted recommendation to Centre on framing CAA rules: Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ছবি।

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বৰ্ষীয়ান ৰাজনীতিবিদ, ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জীৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোকপ্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি এখ শোকবাৰ্তাযোগে মুখ্য মন্ত্ৰী সোণোৱালে কয় যে প্ৰণৱ মুখাৰ্জী আছিল ভাৰতবৰ্ষৰ মূল্যবোধৰ ৰাজনীতিৰ এক প্ৰতিভূ। জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে দেশৰ সমাজ জীৱন তথা ৰাজনৈতিক ক্ষেত্ৰনলৈ তেওঁ যি অনন্য অৱদান আগবঢ়াই গ’ল সেয়া দেশবাসীয়ে সদায়ে শ্ৰদ্ধাৰে স্মৰণ কৰিব।

তেওঁ লগতে কয় যে ভাৰতীয় পৰম্পৰা আৰু মূল্যবোধক অধিক শক্তিশালী কৰা আৰু বিশ্ব দৰবাৰত দেশক শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰয়াত মুখাৰ্জীয়ে সমগ্ৰ জীৱন উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়াই গৈছে।

দেশৰ প্ৰাক্ত ৰাষ্ট্ৰপতিগৰাকী ইতিহাস, কূটনীতি, ৰাজনীতি, অৰ্থনীতি, প্ৰতিৰক্ষা, বৈদেশিক নীতি আদি প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয়ত অগাধ পাণ্ডিত্য আৰু দক্ষতাৰ অধিকাৰী আছিল বুলিও সোণোৱালে উল্লেখ কৰে।

তেওঁ লগতে কয় যে ২০১২ চনৰ পৰা ২০১৭ চনলৈকে দেশৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰয়াত মুখাৰ্জীয়ে ভাৰতবৰ্ষক বিশ্বৰ এখন আগশাৰীৰ গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাত প্ৰভূত বৰঙণি আগবঢ়াই গৈছে।

পাঁচ দশকজোৰা ৰাজনৈতিক জীৱনত কেইবাটাও গুৰুত্বপূৰ্ণ মন্ত্ৰ্যালয়ৰ দায়িত্ব পালন কৰা এইগৰাকী যুগদ্ৰস্তা ৰাজনীতিকৰ বিয়োগ ভাৰত ভাৰতীয় সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি মুখ্য মন্ত্ৰীয়ে কয়।

মুখ্য মন্ত্ৰীয়ে প্ৰয়াত প্ৰণৱ মুখাৰ্জীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাব ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।