থলুৱা ভূমিহীন পৰিয়াললৈ মাটিৰ পট্টা প্ৰদান প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ নিৰ্দেশ মুখ্য মন্ত্ৰী সোণোৱালৰ

ৰাজ্যখনৰ থলুৱা ভূমিহীন পৰিয়াললৈ ভূমি পট্টা আৰু ভূমি আবণ্টন প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰাৰ দিশত ৰাজহচক্ৰ বিষয়াসকলক সক্ৰিয় ভূমিকা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি ডিব্ৰুগড়ত ৰাজহচক্ৰৰ বিষয়াসকলৰে অনুষ্ঠিত এক বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে এই নিৰ্দেশনা দিয়ে।

বৈঠকত সোণোৱালে ৰাজহ চক্ৰ বিষয়াসকলক নিজ নিজ চক্ৰৰ অধীনত থলুৱা ভূমিহীন পৰিয়ালে মাটিৰ পট্টা বিচাৰি জনোৱা প্ৰতিখন আবেদনৰ সত্যাসত্য নিৰূপণ কৰাৰ লগতে চক্ৰটোৰ অধীনত এনেধৰণৰ কিমান যোগ্য থলুৱা ভূমিহীন পৰিয়াল আছে আৰু কিমান মাটি থলুৱা ভূমিহীন পৰিয়ালক আবণ্টন দিব পৰা পৰ্যায়ত আছে তাৰ সমীক্ষা কৰিবলৈও নিৰ্দেশ দিয়ে।

লগতে বৈঠকতে মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজহ চক্ৰ বিষয়া সকলক নিজ নিজ চক্ৰৰ অধীনত থকা চৰকাৰী ভূমি যাতে বেদখলকাৰীৰ কবলত নপৰে সেই দিশটো যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

বৈঠকত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ লগতে গড়কাপ্টানি(পথ), গড়কাপ্টানি(গৃহ), এন এইচ আই ডি চি এল, এ পি ডি চি এলৰ বহু শীৰ্ষ বিষয়ববীয়া উপস্থিত থাকে।