নৃশংস! দুই পুত্ৰই মিলি ডিঙি কাটি হত্যা কৰিলে মাতৃক

murder

প্ৰতিনিধিত্বমূলক ফটো।

মাতৃহত্যাৰ এক ঘটনাত এটা সাধাৰণ কথাক লৈ হোৱাৰ বিবাদৰ পাছতে দুজন যুৱকে নিজৰ মাতৃক হত্যা কৰে।

বাতৰি অনুসৰি, ওদালগুৰি জিলাৰ টংলাৰ সমীপৰ গাৰোবস্তিৰ বাসিন্দা ৰাধিকা কৌল(৫৫)ক তেওঁৰ দুজন পুত্ৰ ক্ৰমে বাবলু কৌল(৩০)আৰু ৰাকেশ কৌল(২৫)এ ডিঙি কাটি হত্যা কৰে।

এই ঘটনা সংঘটিত হয় শনিবাৰে ৰাতিপুৱা।

স্থানীয় লোকে জানিব দিয়ে যে বিভিন্ন বিষয়ক লৈ তেওঁলোক তিনিজনৰ মাজত সদায় কাজিয়া হৈছিল।

সূত্ৰসমূহে জনায় যে পুত্ৰ দুজনে মাকৰ সৈতে ৩০০০টকাক লৈ কাজিয়াত লিপ্ত হৈছিল।

‘’তেওঁলোক মদ্যপায়ী আছিল আৰু গাঁৱবাসীয়ে তেওঁলোকেই মাতৃগৰাকীক ডিঙি কাটি হত্যা কৰা বুলি সন্দেহ কৰিছে,’’-আৰক্ষীয়ে কয়।

ইপিনে, আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি দুয়োজনকে গ্ৰেপ্তাৰ কৰিছে।