চুনু চুদে উচ্চশিক্ষাৰ বাবে আগবঢ়াব স্কলাৰশ্বিপ : দৰিদ্ৰ শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন, কিন্তু কেনেকৈ ?

1591588480_Sonu-Soods-Benefactors-During-Migrant-Crisis-Mysteriously-Delete-Their-Twitter

দেশৰ দৰিদ্ৰ জনগণৰ ত্ৰাণকৰ্তাৰূপ পুনৰ এবাৰ আবিৰ্ভাৱ ঘটিব বলিউদৰ মানৱ দৰদী অভিনেতা চুনু চুদৰ।

লকডাউনৰ সময়ত মুম্বাইৰ লগতে বিভিন্ন চহৰত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকক নিজ গৃহলৈ প্ৰেৰণ কৰাৰ লগতে খাদ্য সামগ্ৰী যোগান ধৰি বিৰল মানৱতাৰ নিদৰ্শন ধাঙি ধৰিছিল অভিনেতা গৰাকীয়ে।

ইমানেই নহয় অনাথ শিশুৰ দায়িত্বও গ্ৰহণ কৰি আহিছে এই গৰাকী মানৱ দৰদী অভিনেতাই।

এইবাৰ এই গৰাকী মানৱ দৰদী অভিনেতাই দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ উচ্চশিক্ষাৰ বাবে এক স্কলাৰশ্বিপ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। নিজ মাতৃ সৰুজ চুদৰ নামত আগবঢ়োৱা হ’ব এই স্কলাৰশ্বিপ।

ইতিমধ্যে এই সংক্ৰান্তত অভিনেতা গৰাকীয়ে দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ সৈতে যোগাযোগ কৰা বুলিও জনাইছে।

‘সৰুজ চুদ স্কলাৰশ্বিপ(Saroj Sood Scholarship)’ শীৰ্ষক এই স্কলাৰশ্বিপৰ অধীনত বাৰ্ষিক ২ লাখ টকাতকৈ কম উপাৰ্জনক্ষম পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীসকলৰ উচ্চাশিক্ষা গ্ৰহণৰ বাবে সকলো ধৰণৰ আৰ্থিক সাহায্য প্ৰদান কৰিব অভিনেতা গৰাকীয়ে।

এই স্কলাৰশ্বিপৰ বাবে দৰিদ্ৰ শিক্ষাৰ্থীয়ে পূৰ্ৰৱৰ্তী পৰীক্ষাৰ মাৰ্কিশ্বিটৰ লগতে অভিভাৱকৰ উপাৰ্জনৰ প্ৰমাণ পত্ৰ আবেদনৰ সৈতে দাখিল কৰিব লাগিব।

স্কলাৰশ্বিপ লাভ কৰা শিক্ষাৰ্থীসকলক পঢ়া-শুনাৰ সমস্ত খৰচৰ লগতে হোষ্টেল ফী, খোৱা-বোৱাৰ সকলোবোৰ খৰচ বহন কৰা হ’ব।

আগ্ৰহী শিক্ষাৰ্থীসকলে এই স্কলাৰশ্বিপৰ বাবে scholarship@sonusood.me এই ইমেইল ঠিকনাত আবেদন কৰিব পাৰিব।