১৯, ২০ আৰু ২১ ছেপ্টেম্বৰত গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব তিনিদিনীয়া ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ। সমাজৰ বিভিন্ন স্তৰত প্ৰচলিত পৰম্পৰাগত ৰীতি-নীতি প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ লক্ষ্যৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে বুলি সদৰী কৰিছে কৰ্তৃপক্ষই।
সোমবাৰে অনুষ্ঠিত সংবাদ মেলত মহোৎসৱৰ অধ্যক্ষ প্ৰদীপ কুমাৰে জানিবলৈ দিয়ে যে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্রী ড° এল মুৰুগন, নাগালেণ্ডৰ পৰ্যটন আৰু শিক্ষামন্ত্রী তেমজেন ইমনা আলং, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বৰা আৰু বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰা।
২১ ছেপ্টেম্বৰত আয়োজিত সমাৰণি অনুষ্ঠানত উপস্থিত থাকিব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সহ-কাৰ্যবাহক ড° কৃষ্ণ গোপাল শৰ্মা, অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া আৰু পীযুষ হাজৰিকা লগতে মণিপুৰৰ বিশিষ্ট ছবি নিৰ্মাতা অইনাম ডৰেন।
মহোৎসৱৰ সঞ্চালক মণিতা বৰগোহাঁয়ে সংবাদ মেলত কয়, “উত্তৰ-পূব ভাৰতৰ প্ৰায় ৩০ টাৰো অধিক জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ ৭০ খনৰো অধিক তথ্যচলচ্চিত্ৰ এই মহোৎসৱত প্ৰদৰ্শন হ’ব। এতিয়াই প্ৰতিনিধি পঞ্জীয়নৰ কাম আৰম্ভ হৈছে আৰু বৰ্তমানলৈকে ৮৬৫ গৰাকী প্ৰতিনিধিয়ে অনলাইন যোগে নাম পঞ্জীয়ন কৰিছে।”
মহোৎসৱত শ্রেষ্ঠ তথ্যচলচ্চিত্ৰক ১ লাখ টকা, দ্বিতীয় স্থান অধিকারীক ৭৫ হাজাৰ টকা, তৃতীয় স্থান অধিকারীক ৫০ হাজাৰ টকা, শ্রেষ্ঠ পৰিচালকক ২৫ হাজাৰ টকা আৰু শ্রেষ্ঠ চিত্ৰগ্ৰাহকক ২০ হাজাৰ টকাৰ পুৰস্কাৰে সন্মানিত কৰা হ’ব। লগতে জুৰিৰ বিশেষ পুৰস্কাৰো থাকিব।
আজিৰ সংবাদ মেলত উপস্থিত আছিল জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যা সাগৰ, দীপক দত্ত, দিব্যজ্যোতি দাস আৰু মহোৎসৱৰ অন্যান্য বিষয়া। সংবাদ মেলতেই মহোৎসৱৰ শীৰ্ষ গীতটো উন্মোচন কৰা হয়, যাক মহোৎসৱৰ অধ্যক্ষ প্ৰদীপ কুমাৰে মুকলি কৰে।