Bill to regulate digital media: ডিজিটেল মাধ্যমৰ বাতৰিৰ ওপৰতো এইবাৰ আইন আনিব কেন্দ্ৰীয় চৰকাৰে

প্রতিনিধিত্বমূল ফটো।

Bill in Parliament to regulate digital media কেন্দ্ৰীয় চৰকাৰেও এইবাৰ ডিজিটেল মাধ্যমক নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা চলাইছে। সূত্ৰ অনুসৰি, এই উদ্দেশ্যৰে প্ৰয়োজনীয় আইন সংশোধন কৰি সংসদৰ আগন্তুক অধিৱেশনত বিধেয়কখন উত্থাপন কৰা হ’ব।

জানিব পৰা মতে যদি এই আইন উলংঘা কৰিলে পদক্ষেপ গ্ৰহণৰ ব্যৱস্থা ৰখা হৈছে।

এবাৰ গৃহীত হ’লে আইন অনুসৰি ডিজিটেল মাধ্যমসমূহে ৯০ দিনৰ ভিতৰত পঞ্জীয়নৰ বাবে আবেদন কৰিব লাগিব।

লগতে পঢ়ক: বিশ্বনাথ আৰক্ষীৰ অভিযানত উৎখাত জাল নোট, নকল সোণৰ ব্যৱসায়ী চক্ৰ; ৫জনক আটক

ডিজিটেল সংবাদ পৰিৱেশকসকল প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ সৈতে পঞ্জীভুক্ত হ’ব। যদি সংবাদ পৰিৱেশনৰ ক্ষেত্ৰত আইন উলংঘা কৰা হয় তেন্তে পঞ্জীয়ন বাতিল কৰাৰ লগতে জৰিমনাৰ ব্যৱস্থা কৰা হৈছে।

সূত্ৰ অনুসৰি, বিধেয়কখনে এতিয়াও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ (পিএমঅ’) পৰা সেউজ সংকেত লাভ কৰিবলৈ বাকী আছে। এই সংশোধনীৰ জৰিয়তে ডিজিটেল মাধ্যমসমূহ পোনপটীয়াকৈ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনলৈ আহিব।

লগতে পঢ়ক: Boris Johnson vs Rishi Sunak: বৈৰীবন্ধু! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ ঋষি ছুনাকৰ বিৰুদ্ধে বৰিছ জনছনে এয়া কৰিছে কি?

২০১৯ চনত প্ৰথমবাৰৰ বাবে কেন্দ্ৰই ডিজিটেল মাধ্যমক নতুন তথ্য প্ৰযুক্তি আইনৰ অধীনলৈ আনি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ব্যাপক সমালোচনাৰ বাবে সেইবাৰ কাৰ্যকৰী নহ’ল।