IND vs SA 1st T20: মিলাৰ-ডুছেনৰ বেটিং তাণ্ডৱ! বিশাল স্ক’ৰ কৰিও শ্বাসৰুদ্ধকাৰী মেচত আত্মসমৰ্পণ পন্থ বাহিনীৰ

আইপিএলত গুজৰাট টাইটানছৰ হৈ তেওঁ  প্ৰতিখন খেলতে তাণ্ডৱ চলাইছিল। গুজৰাটক চেম্পিয়ন কৰি তোলাতো তেওঁৰ অৰিহনা আছে। আইপিএলৰ সমাপ্তিৰ পিছত ডেভিদ মিলাৰ পুনৰ ৰাষ্ট্ৰীয় দলৰ বাবে দুৰন্ত পাৰ্ফৰ্মাৰ হৈ পৰিছে। ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন খেলত তেওঁ এককভাৱেই বেটেৰে দক্ষিণ আফ্ৰিকাক বিজয় কৰে। মাত্ৰ ৩১ টা বলতে তেওঁ ৬৪ ৰাণ সংগ্ৰহ কৰে।

ৰাছি ভান ডাৰ ডুছেন (৪৬ টা বলত ৭৫ ৰাণ) ‘কিলাৰ’ মিলাৰৰ যোগ্য সংগী হিচাপে আত্মপ্ৰকাশ কৰে। মিলাৰ-ডুছেনৰ ১৩১ ৰাণৰ পাৰ্টনাৰশ্বিপে ভাৰতক এক শ্বাসৰুদ্ধকাৰী থ্ৰিলাৰত ৭ উইকেটত পৰাজিত কৰাত সহায় কৰে। দক্ষিণ আফ্ৰিকাই পাঁচটা বল বাকী থকা অৱস্থাতে অভিলেখসংখ্যক ৰাণ অতিক্ৰম কৰে।

২১১ ৰাণ অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই এটা সময়ত ৮১ ৰাণত ৩টা উইকেট হেৰুৱাইছিল। প্ৰতি অভাৰত ১০ ৰাণকৈ কৰাৰ পিছতো ভাৰতে বিজয়ৰ গোন্ধ পাইছিল কিয়নো ডিককে (১৮ টা বলত ২২ ৰাণ), বাভুমাই (৮ টা বলত ১০ ৰাণ), প্ৰিটোৰিয়াছে (১৩ টা বলত ২৯ ৰাণ) পাৱাৰ প্লেত পেভলিয়নলৈ উভতিছিল। তাৰ পিছতে মিলাৰ-ডুছেন যুটীয়ে খেলখন ঘূৰাই দিয়ে।

অধিনায়ক টেম্বা বাভুমাই বিশাল ৰাণ অনুসৰণ কৰিবলৈ নামি সোনকালেই উভতিছিল। ডোৱেন প্ৰিটোৰিয়াছক পিঞ্চ হিটাৰৰ ভূমিকাত পঠোৱা হৈছিল। তেওঁ পাৱাৰ প্লেত সেই ভূমিকাত সফল আছিল। কিন্তু প্ৰিটোৰিয়াছে ৰাণৰ হাৰ বৃদ্ধি কৰিবলৈ গৈ আউট হোৱাৰ পিছত কুইন্টন ডিককো পেভিলিয়নলৈ উভতি গৈছিল।

তিনিটা উইকেটৰ পতনৰ পিছত দক্ষিণ আফ্ৰিকা যথেষ্ট চাপত আছিল। ডুছেনে প্ৰথম অৱস্থাত আক্ৰমণাত্মক হ’ব পৰা নাছিল। কিন্তু মিলাৰে আৰম্ভণিৰ পৰাই ধ্বংসাত্মক ৰূপ আৰম্ভ কৰিছিল। মিলাৰে মাত্ৰ ২২ টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে। আনহাতে, ডুছেনে শীতল এংকৰৰ ভূমিকা গ্ৰহণ কৰিছিল। এসময়ত, তাৰকাগৰাকীয়ে ৩২ টা বলত ৩০ ৰাণ কৰি নিজকে চাপত পেলাইছিল।

কিন্তু ১৭ তম অভাৰত ডুছেন তেওঁৰ নিজৰ আক্ৰমণাত্মক ৰূপত ধৰা দিয়ে। হৰ্ষল পেটেলৰ অভাৰটোত তিনিটা ছয় আৰু এটা চাৰিৰে ২২ ৰাণ সংগ্ৰহ কৰে। তেওঁ এটা ছয় মাৰি ৩৭ টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে।

দক্ষিণ আফ্ৰিকাক শেষৰ তিনি অভাৰত জয়ৰ বাবে ৩৪ ৰাণৰ প্ৰয়োজন আছিল। ভুৱনেশ্বৰ কুমাৰে ১৮ তম অভাৰত ২২ ৰাণ দিয়াৰ পিছতে খেলখনৰ ভাগ্য নিৰ্ণয় কৰা হৈছিল। তাৰ পিছত বাকী ৰাণখিনি অতিক্ৰম কৰাত কোনো সমস্যা নহ’ল।

ইয়াৰ পূৰ্বে টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰা  ভাৰতে স্ক’ৰব’ৰ্ডত এক বৃহৎ স্ক’ৰ তুলিছি। শ্ৰেয়াস আয়াৰৰ (২৭ টা বলত ৩৬ ৰাণ), ঋষভ পন্ত (১৬ টা বলত ২৯ ৰাণ) আৰু হাৰ্দিক পাণ্ডিয়াৰ (১২ টা বলত ৩১ ৰাণ) আক্ৰমণাত্মক বেটিঙৰ সহায়ত ভাৰতে ২১১ ৰাণ তোলে।

অ’পেনিং কৰিবলৈ অহা দুয়োজন অ’পেনাৰ ৰিতুৰাজ গায়কোৱাড় (১৫ টা বলত ২৩ ৰাণ) আৰু ঈশান কিষাণে (৪৮ টা বলত ৭৬ ৰাণ) সুন্দৰ আৰম্ভণি কৰিছিল। তেওঁলোক দুয়োজনে পঞ্চাশ ৰাণৰ যুটী বান্ধি দলটোক এটা ভাল আৰম্ভণি দিছিল।

ভুৱনেশ্বৰ কুমাৰে পাৱাৰ প্লেত সুন্দৰ বলিং কৰিছিল। হৰ্ষল পেটেল, অক্ষৰ পেটেলে আৰম্ভণিতে দক্ষিণ আফ্ৰিকাৰ ৰাণ সংগ্ৰহৰ গতিত মন্থৰতা আনি দিছিল। আবেশ খানে প্ৰথম অভাৰত বেছি ৰাণ দিলেও দ্বিতীয় স্পেলত ভাল বলিং কৰিছিল। কিন্তু ডেথ অভাৰত হৰ্ষলৰ পৰা ভুৱনেশ্বৰলৈকে মিলাৰ-ডুছেনৰ তাণ্ডৱক বাধা দিয়াত ব্যৰ্থ হয়।

সংক্ষিপ্ত স্ক’ৰ:

ভাৰত: ২১১/৪

দক্ষিণ আফ্ৰিকা: ২১২/৩