NORTHEAST NOW (Assamese)

“এইটোৱেটো হোৱাৰ কথা আছিল”! মোডীয়ে অনা দুটি চিতাৰ মৃত্যুৰ প্ৰসংগত ক’লে দক্ষিণ আফ্ৰিকাই

April 29, 2023 9:23 am · এন ই নাও নিউজ, গুৱাহাটী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ ‘চিতা পুনৰ্বাসন প্ৰকল্প’ৰ বিৰুদ্ধে সতৰ্ক কৰি দিলে দক্ষিণ আফ্ৰিকাই। মধ্যপ্ৰদেশৰ কুনো পালপুৰ বনাঞ্চলত আফ্ৰিকাৰ পৰা অনা ২০টা চিতাৰ ভিতৰত ২টা চিতাৰ মৃত্যুক সেই দেশখনৰ ‘বন, মীন আৰু পৰিৱেশ বিভাগ’ৰ প্ৰতিবেদনত ‘স্বাভাৱিক ঘটনা’ বুলি অভিহিত কৰিছে।

শেহতীয়াকৈ প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে মুকলি প্ৰকৃতিত মাংসভোজী প্ৰাণীক পুনৰ্সংস্থাপনত এই মৃত্যুৰ হাৰ প্ৰত্যাশিত। ২৭ মাৰ্চত নামিবিয়াৰ পৰা অনা ৫ বছৰীয়া মাইকী চিতা চাশাৰ কুনোত মৃত্যু হয়। দক্ষিণ আফ্ৰিকাৰ পৰা অনা এটা মতা চিতা উদয়ৰ মৃত্যু হয় ২৪ এপ্ৰিলত। মধ্য প্ৰদেশৰ বন বিভাগৰ চিকিৎসকে জনোৱা মতে, বৃক্কৰ সংক্ৰমণৰ বাবেই চাশাৰ মৃত্যু হয়। আনহাতে, উদয়ৰ মৃত্যুৰ কাৰণ ‘কাৰ্ডিঅ’পালমোনাৰী ফেইলাৰ’ বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক: কিন্তু কিয়? ন্যায়াধীশৰ বিচাৰপীঠৰ পৰা নিযুক্তি দুৰ্নীতিৰ গোচৰ আঁতৰোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দক্ষিণ আফ্ৰিকাৰ ‘বন, মীন আৰু পৰিৱেশ বিভাগ’ৰ প্ৰতিবেদনত কোৱা হৈছে, ‘বৃহৎ মাংসভোজী প্ৰাণীক বন্যপ্ৰাণীলৈ পুনৰ্সংস্থাপন প্ৰক্ৰিয়াটো অত্যন্ত জটিল আৰু বিপদজনক। এইটো প্ৰকল্পৰ এটা গুৰুত্বপূৰ্ণ পৰ্যায়। য’ত চিতাক মুকলি নতুন পৰিৱেশত মুকলি কৰি দিয়া হৈছে, আৰু য’ত তেওঁলোকৰ দৈনন্দিন শাৰীৰিক সুস্থতাৰ ওপৰত বহু কম নিয়ন্ত্ৰণ আছে।”

উল্লেখ্য, এতিয়ালৈকে আফ্ৰিকাৰ পৰা দুবাৰকৈ ভাৰতলৈ চিতা অনা হৈছে। প্ৰথমে নামিবিয়াৰ পৰা ৮টা চিতা আহিছিল। বিগত বৰ্ষৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনত কুনো পালপুৰৰ অৰণ্যত মুকলি কৰি দিয়া হৈছিল চিতা। প্ৰধানমন্ত্ৰীয়ে নিজেই পিঞ্জৰাটো খুলি দিছিল। ইয়াৰ পিছত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২টা চিতা অনা হৈছিল।

কিছুদিন পূৰ্বে বন্যপ্ৰাণী বিজ্ঞানী যদবেন্দ্ৰনাথ ঝালাই আফ্ৰিকাৰ পৰা কুনোলৈ চিতা আমদানি কৰা কাৰ্যসূচীক লৈ শংকা প্ৰকাশ কৰিছিল। শেহতীয়াকৈ অপসাৰণ কৰা মোডী চৰকাৰৰ ‘ৰাষ্ট্ৰীয় চিতা একচন প্লেন’ (ৰাষ্ট্ৰীয় চিতা পুনৰ্বাসন কাৰ্যসূচী)ৰ মুৰব্বীগৰাকীয়ে তেওঁৰ প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰিছে যে আফ্ৰিকাৰ পৰা অনা ৫০টা চিতা দূৰৰ কথা, মধ্য প্ৰদেশৰ কুনো-পালপুৰ ৰাষ্ট্ৰীয় উদ্যানত ২০টা চিতা ৰখাৰ ঠাই হ’ব নে নহয় তাত সন্দেহ আছে।

লগতে পঢ়ক: অৱশেষত ন্যায়! যৌন নিৰ্যাতনৰ অভিযোগত বিজেপি সাংসদৰ বিৰুদ্ধে FIR দিল্লী আৰক্ষীৰ

শেহতীয়াকৈ নামিবিয়াৰ পৰা আমদানি কৰা ওবান নামৰ এটা মতা চিতা দুবাৰকৈ কুনো ৰেঞ্জ এৰি ওলাই গৈছিল। অৱশ্যে তাক ট্ৰাংকুলাইজড কৰি শান্ত কৰাৰ পিছত ঘূৰাই অনা হয় যদিও কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে নিৰ্বাচিত কৰা মধ্যপ্ৰদেশৰ বনাঞ্চলখন আফ্ৰিকান চিতাৰ পুনৰ সংস্থাপনৰ বাবে কিমান উপযোগী তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

Related News