বৃহস্পতিবাৰে (১০ অক্টোবৰ) নোবেল একাডেমীয়ে ২০২৪ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা কৰে।
এই বঁটা লাভ কৰিছে দক্ষিণ কোৰিয়াৰ গল্পকাৰ-ঔপন্যাসিক হেন কাঙে।
উল্লেখ্য যে হান কাঙে তেওঁৰ ৰচনাত ঐতিহাসিক পীড়া আৰু মানৱ জীৱনৰ ভংগুৰতাক উন্মোচন কৰে। দেহ আৰু আত্মা, জীৱিত আৰু মৃতকৰ মাজৰ সংযোগৰ প্ৰতি তেওঁৰ এক অনন্য সচেতনতা আছে। তেওঁৰ গদ্যত একধৰণৰ কাব্যিক আৰু পৰীক্ষামূলক শৈলী দেখা পোৱা যায়।
আমোদজনক কথাটো হ’ল, নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী দক্ষিণ কোৰিয়াৰ লেখিকা হৈছে হান কাঙ।
জানিব পৰা মতে, ১৯৯৩ চনত ২৩ বছৰ বয়সত কাঙে লিটাৰেচাৰ এণ্ড ছ’চাইটি আলোচনীত কবি হিচাপে আত্মপ্ৰকাশ কৰে। দুবছৰৰ পিছত তেওঁৰ চুটি গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে।
তেখেতৰ প্ৰথম গল্প সংকলন আছিল ‘লাভ অৱ ইয়েওছু’। তাৰ পিছত দ্য ভেজেটেৰিয়ান (২০০৭)ৰ নামৰ এখন উপন্যাস প্ৰকাশ কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰে। ২০১৬ চনত এই উপন্যাসখনে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰে।
উল্লেখ্য যে ১৯০১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ১২১ গৰাকী নোবেল বঁটা বিজয়ীক ১১৭ বাৰকৈ সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হৈছে।