ডাঙৰ খৱৰ! কুকুৰৰ মাংসৰ ব্যৱসায় বন্ধ কৰিবলৈ আইন গৃহীত কৰিলে দক্ষিণ কোৰিয়াই

দক্ষিণ কোৰিয়াই কুকুৰ বধ আৰু মাংস বিক্ৰী নিষিদ্ধ কৰাৰ নতুন আইন গৃহীত কৰিছে। এই আইন অনুসৰি চিউলে ২০২৭ চনৰ ভিতৰত কুকুৰ বধ আৰু মাংস বিক্ৰী বন্ধ কৰিব বিচাৰিছে। ইয়াৰ ফলত শ শ বছৰ ধৰি চলি থকা কুকুৰৰ মাংস খোৱাৰ প্ৰথা দেশত শেষ হ’বলৈ গৈ আছে।

বিগত দশকবোৰত আনকি দক্ষিণ কোৰিয়াত কুকুৰৰ মাংস খোৱাৰ হাৰ হ্ৰাস পাইছে। দেশখনৰ যুৱক-যুৱতীসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। নতুন আইনৰ অধীনত কুকুৰ বধ, বিক্ৰীৰ বাবে মাংস যোগান নিষিদ্ধ কৰা হ’ব।

লগতে পঢ়কঃবাইপোলাৰ ডিছঅৰ্ডাৰ! ধূমপানতকৈও অধিক ক্ষতিকাৰক; গৱেষণাত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য

এই আইনৰ অধীনত যদি কোনো লোকক দোষী সাব্যস্ত কৰা হয় তেন্তে তেওঁক জেললৈ প্ৰেৰণ কৰা হ’ব। কুকুৰ বধ কৰা লোকক তিনি বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে। কিন্তু এই আইনত কুকুৰৰ মাংস খোৱাটো পোনপটীয়াকৈ অবৈধ বুলি কোৱা হোৱা নাই।

তিনি বছৰৰ পাছত কাৰ্যকৰী হ’ব এই নতুন আইন। কুকুৰ ব্যৱসায়ী আৰু ৰেষ্টুৰেণ্টৰ মালিকসকলে বিকল্প কাম বিচাৰিব পৰাকৈ এই সুবিধা দিয়া হৈছে।  চৰকাৰে এই কামত কুকুৰ উৎপাদক, কছাই আৰু ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

লগতে পঢ়কঃশিহৰণকাৰী ঘটনা! নিজৰ ৪ বছৰীয়া পুত্ৰক লগত লৈ গোৱালৈ অহা মহিলা চিইঅ’ই বেগত লৈ উভতিল…

চৰকাৰী পৰিসংখ্যা অনুসৰি দক্ষিণ কোৰিয়াত ১৬০০ৰো অধিক কুকুৰৰ মাংসৰ ৰেষ্টুৰেণ্ট আছে। ২০২৩ চনত দেশত ১১৫০ খন কুকুৰৰ পাম আছিল।