উৰণীয়া-সেতুৰে নে মাটিৰ তলেৰে হ’ব গুৱাহাটী মেট্ৰ’!; জনতা ভৱনত গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন

delhi-metro

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

গুৱাহাটী মেট্ৰ’ প্ৰকল্প সন্দৰ্ভত বুধবাৰে জনতা ভৱনত গুৱাহাটী নগৰ উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ উপস্থিতিত ভাৰত চৰকাৰৰ ৰাইটছ (RITES) নামৰ প্ৰতিষ্ঠান এটাৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বৈঠকত ৰাইটছে গুৱাহাটী মহানগৰীৰ উপযোগী হোৱাকৈ মেট্ৰ’ প্ৰকল্প সম্পৰ্কত বিস্তৃত পৰ্য্যালোচনা দাঙি ধৰে বুলি মন্ত্ৰী ভট্টাচাৰ্য্যই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

ভাৰতৰ মেট্ৰ’ প্ৰকল্পৰ ক্ষেত্ৰত প্ৰসিদ্ধ প্ৰতিষ্ঠান ৰাইটছে ইতিমধ্যে দেশৰ বিভিন্ন মহনগৰত মেট্ৰ’ প্ৰকল্পৰ কাম সফলতাৰে সম্পন্ন কৰিছে।

গুৱাহাটীৰ জনগাঁথনি, ভূভাগৰ চৰিত্ৰ আদিকে সামৰি প্ৰতিষ্ঠানটোৱে সকলো ধৰণৰ পৰিকল্পনা বৈঠকৰ সময়ত দাঙি ধৰে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

বৈঠকৰ সময়ত প্ৰতিষ্ঠানটোৱে অসম চৰকাৰৰ ওচৰত মাটিৰ তলৰ মেট্ৰ’সেৱা, উৰণীয়া-সেতুৰে মেট্ৰ’ সেৱা আদিৰ বিভিন্ন বিকল্পৰ উপস্থাপন কৰিছে বুলি জনায়।

আনহাতে, ৰাইটছে পৰ্যালোচনাৰ অন্তত চৰকাৰৰ ওচৰত চাৰিটা মেট্ৰ’ পথৰ বিকল্প দাঙি ধৰে বুলি ভট্টাচাৰ্য্যই উল্লেখ কৰি এইক্ষেত্ৰত অসম চৰকাৰে বিত্তীয় দিশ সমূহ চালি জাৰি চাই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কয়।

‘‘অসম চৰকাৰৰ সিদ্ধান্তৰ পাছতে প্ৰতিষ্ঠানটোৱে দৰকাৰী অভিযান্ত্ৰিক কাম-কাজ আৰম্ভ কৰিব’’ সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই লগতে কয়।

ভাৰত চৰকাৰৰ ২০১৭ চনৰ মেট্ৰ’ ৰে’ল পলিচিৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ মেট্ৰ’ প্ৰকল্পৰ কাম আগবঢ়াই নিয়া হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।