• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উগ্ৰপন্থীৰ সৈতে যুঁজ দি পিঠিত প্ৰচণ্ড বিষ লৈ হুইল চেয়াৰত এছপিঅ’ জোৱান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 2, 2019 6:47 am
Biraj Das

হুইল চেয়াৰত এছপিঅ' জোৱান বিৰাজ দাস।

439
VIEWS
Share on FacebookShare on Twitter

এসময়ত উগ্ৰপন্থীৰ বিৰুদ্ধে দুৰ্দান্ত সাহসেৰে যুঁজ দিছিল তেওঁ। ২০১২ চনতে কোকৰাঝাৰৰ চেৰফাংগুৰিত এনডিএফবিৰ সৈতে যুঁজ দিবৰ বাবে অসম আৰক্ষীয়ে তেওঁৰ দৰে বহুতো বিশেষ আৰক্ষী বাহিনীৰ জোৱানক ব্যৱহাৰ কৰিছিল।

তেওঁৰ নাম বিৰাজ দাস। কামৰূপ(মেট্ৰ’)ৰ পানীখাইতিৰ নিবাসী দুৰ্ভগীয়া বিৰাজ। নিয়তিৰ নিষ্ঠুৰ পৰিহাস। ২০১২ চনৰ ১৭ নৱেম্বৰৰ দিনা দুৰ্ভগীয়া বিৰাজৰ জীৱনলৈ নামি আহিছিল অমানিশা। যুদ্ধ চলি থকা সময়তে উগ্ৰপন্থীৰ গুলি লাগিছিল বিৰাজৰ ৰাজহাঁড়ত। বৰ্তমানো ৰাজহাঁড়ত উক্ত গুলিৰ আঘাত কঢ়িয়াই লৈ হুইল চেয়াৰতে কটাবলগীয়া হৈছে দুৰ্ভগীয়া বিৰাজে।

দুৰ্ভাগ্যজনক কথা যে, উক্ত সময়তে কেৱল দুই লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰিয়েই নিজৰ দায় সাৰিলে সেই সময়ৰ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখনে।

অৱশ্যে ২০১৩ চনত সেই সময়ৰ জ্যেষ্ঠ আৰক্ষী বিষয়া আনন্দ প্ৰকাশ তিৱাৰী খবৰ ল’বলৈ উপস্থিত হৈছিল দুৰ্ভগীয়া বিৰাজৰ বাসগৃহত।

আনহাতে, চিকিৎসাৰ বাবদ বৰ্তমানৰ চৰকাৰখনৰ পৰাও কোনো ধৰণৰ সাহায্য নোপোৱাত চৰম হতাশাত ভুগিছে বিৰাজৰ দুৰ্ভগীয়া পিতৃ-মাতৃ তথা জ্যেষ্ঠ ভাতৃ।

‘মোৰ চিকিৎসাৰ বাবদ বহুখিনি ধনৰ প্ৰয়োজন। ইতিমধ্যে চেন্নাইত চিকিৎসা কৰোৱাৰ বাবদ মাটি-বাৰী সকলো বিক্ৰী কৰিবলগীয়া হৈছে। নিজৰ ভেটিটোৰ বাহিৰে আমাৰ একোৱেই নাই।‘ দুৰ্ভগীয়া বিৰাজে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এইদৰে কয়।

জানিব পৰা মতে, একোটা বিষৰ বেজীৰ মূল্য কেইবা হাজাৰো টকা, বৰ্তমানো বিৰাজক সম্পূৰ্ণৰূপে সুস্থ কৰি তুলিবলৈ কেইবা লক্ষাধিক টকাৰ প্ৰয়োজন।  সেয়েহে দুৰ্ভগীয়া বিৰাজক উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন আপোনাৰ-মোৰ সহায়।

তাৎপয্যপূৰ্ণভাৱে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰা চিকিৎসাৰ বাবদ কিছু পৰিমাণে হ’লেও সহায় লাভ কৰাৰ এক আশা বৰ্তমানো মনতে পুহি ৰাখিছে দুৰ্ভগীয়া বিৰাজ দাসে।

ইপিনে, ভৰ যৌৱনতে চিৰ দিনৰ বাবে পংগু হৈ হুইল চেয়াৰত দিন অতিবাহিত কৰা বিৰাজ বৰ্তমানো অবিবাহিতা হৈয়ে ৰ’ল বুলি আমাক জানিবলৈ দিয়ে।

আনহাতে, ২০১০ চনত উত্তৰ-কাছাৰ পাৰ্বত্য জিলাত বৰ্তমানৰ ডিমা হাচাওত উগ্ৰপন্থী সংগঠন ডিএইচ ডি আৰু এনএছচিএনৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ হোৱা কেইবাহাজাৰো এছপিঅ’ জোৱানক ব্যৱহাৰ কৰিছিল অসম আৰক্ষীয়ে। উগ্ৰপন্থীৰ গুলিত বহুতো জোৱানে মৃত্যুক সাবটি ল’বলগীয়া হৈছিল। তাৰ ভিতৰত মুনীন্দ্ৰ বাগলাৰী(ওদালগুৰি), বিশ্বেশ্বৰ বৰা(লখিমপুৰ), ললিত বৰগোহাঁই, ৰাজু পাটৰ(মৰিগাওঁ), শুক্ৰেশ্বৰ নাথ(গোৱালপাৰা), কামিনি খাখলাৰী(কাৰ্বিআংলং), ব্ৰজেন বৰা(লখিমপুৰ), নীল ডেকা(দৰং), পৰাগ বৰগোহাঁই(তিনিচুকীয়া) অন্যতম।

এইসকল জোৱানকো চৰকাৰে কেৱল এককালীন সাহায্য প্ৰদান কৰি চৰকাৰে নিজৰ দায় সামৰিলে বুলি শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল যোগে অভিযোগ কৰে বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ দাসে।

ইপিনে, বহুকেইজন জোৱানে বৰ্তমানলৈকে চৰকাৰৰ পৰা এটকাও অনুদান লাভ কৰা নাই বুলি অভিযোগ তোলে সমিতিৰ সাধাৰণ সম্পাদকজনে।

উল্লেখযোগ্য যে, উগ্ৰপন্থীৰ সৈতে যুদ্ধ কৰিবলগীয়া হৈছিল যদিও বহুসংখ্যক এছপিঅ’ জোৱানক চাকৰি নিয়মীয়াকৰণ বাদেই,এইসকলক বৰঞ্চ ২০১৫ চনতে চাকৰিৰ পৰা অব্যহতি দিয়া হৈছিল।

উক্ত সংবাদমেলৰ জৰিয়তে সাধাৰণ সম্পাদকজনে বৰ্তমানো কৰ্মবিমুখ হৈ ঘৰতে কটাবলগীয়া এছপিঅ’সকলক স্থায়ী নিযুক্তি দিবৰ বাবে চৰকাৰক আহ্বান জনায়।

মন কৰিবলগীয়া কথা যে, পূৰ্বতে উগ্ৰপন্থীৰ সৈতে যুঁজ দিয়া বহুসংখ্যক এছপিঅ’ জোৱানে তামোল-পানৰ দোকান, শাক-পাছলিৰ ব্যৱসায় কৰি চলি আছে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd