অন্য ৰূপত এথলেট দ্যুতি চান্দ; ৭০ কি:মি: গাড়ী চলাই গৈ নিজ গাঁৱত দুখীয়াক বিলালে খাদ্য

dutee

কৰ’না মহামাৰীৰ এই দু:সময়ত সমাজৰ বিভিন্ন শ্ৰেণীৰ সামৰ্থ্যৱান লোকে দু:স্থজনক সহায়ৰ হাত আগবঢ়াইছে।

ক্ৰিকেটাৰ, অভিনেতা, এথলেট, ফুটবলাৰকে ধৰি উদ্যোগী তথা ব্যৱসায়ীয়ে লকডাউনৰ ফলত উপায়হীন হৈ পৰা লোকক নিজাকৈ সহায় আগবঢ়াইছে।

এইবাৰ এনে এক মহনুভৱতাৰ পৰিচয় দাঙি ধৰিলে ভাৰতীয় এথলেট দ্যুতি চান্দে।

প্ৰায় ৭০ কিলোমিটাৰ পথ নিজেই গাড়ী চলাই গৈ নিজৰ গাঁৱত উপস্থিত হয় এথলেটগৰাকী।

গাঁৱত উপস্থিত হৈয়েই দুখীয়া লোকসকলৰ মাজত এথলেটগৰাকীয়ে লগত লৈ যোৱা খাদ্যৰ টোপোলা বিলায়।

লকডাউনৰ সময়ত নিষেধাজ্ঞা থকা বাবে দ্যুতিয়ে উৰিষ্যা চৰকাৰৰ পৰা তেওঁ থকা ভুৱনেশ্বৰৰ পৰা জজপুৰ জিলাৰ নিজ গাঁও চাকা গোপালপুৰলৈ যোৱাৰ বিশেষ পাছ উলিয়াই লয়।

তাৰ পাছত দ্যুতিয়ে গাড়ীত খাদ্যৰ টোপোলা বজাই কৰি লৈ গাঁৱলৈ বুলি ঢাপলি মেলে।

ইপিনে, গাঁৱৰ ছোৱালীজনীক সন্মুখত দেখি উৎফুল্লিত হৈ পৰে গাঁৱবাসী।

দ্যুতিয়ে কয়,‘’লকডাউনৰ ফলত আমাৰ গাঁৱৰ বহুতেই সমস্যাত পৰিছে। মই মাত্ৰ তেওঁলোকক সহায় কৰাৰ সামান্য চেষ্টা কৰিছো। বিশেষ পাছ লৈ মই গাঁৱত উপস্থিত হৈ প্ৰায় এহাজাৰ লোকক খাদ্যৰ পেকেট বিলাও।‘’

এথলেটগৰাকীয়ে অৱশ্যে তেওঁ যোৱাৰ খৱৰ গাঁৱবাসীক আগতীয়াকৈ দিছিল। সেয়েহে, তেওঁ গাঁৱত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ ঘৰৰ সন্মুখত লোক আহি ভিৰ কৰেহি।

তেওঁৰ এই মহান কাৰ্যক সহায় কৰিছে তেওঁৰ শিক্ষা প্ৰতিষ্ঠানে। নিজে ৫০ হাজাৰ টকা খৰচ কৰিছে আৰু বাকী খৰচ বহন কৰিছে শিক্ষা প্ৰতিষ্ঠানটোৱে।

আনহাতে, পুনৰ গাঁৱবাসীক খাদ্য যোগান ধৰাৰ কথাও প্ৰকাশ কৰিছে এথলেট দ্যুতি চান্দে।