আই পি এল আয়োজনৰ ইচ্ছা প্ৰকাশ কৰিছে শ্ৰীলংকাই, BCCI-ৰ সিদ্ধান্তলৈ অপেক্ষা

IPL trophy

আই পি এলৰ ট্ৰফী

মহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰৰ বাবে চৰকাৰে ৩ মে’লৈকে লকডাউন বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা আই পি এলৰ ১৩ সংখ্যক সংস্কৰণটি শ্ৰীলংকাই আয়োজন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

উল্লেখ্য যে ২০২০ বৰ্ষৰ আই পি এল যোৱা ২৯ মাৰ্চৰ পৰা শুভাৰম্ভ হোৱা কথা আছিল। কিন্তু ক’ৰ’নাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম অৱস্থাত ১৫ এপ্ৰিললৈকে লীগখন স্থগিত ৰখাৰ ঘোষণা কৰে।

ক্ৰিকেট অনুৰাগী তথা ফ্ৰেঞ্চাইজি সকলে ১৫ এপ্ৰিলৰ পিছত আই পি এল আৰম্ভ হ’ব বুলি আশা কৰি আছিল যদিও ক’ৰ’নাৰ প্ৰকোপ হ্ৰাস নোপোৱাত কেন্দ্ৰীয় চৰকাৰে লকডাউন ৩ মে’লৈকে বদ্ধি কৰাত বি চি চি আইয়ে লীগখন অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত লয়।

এই সিদ্ধান্তৰ পিছতেই শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডে বি চি চি আইক এখন চিঠিৰ জৰিয়তে দেশখনে আই পি এল আয়োজন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

শ্ৰীলংকাৰ ক্ৰিকেট ব’ৰ্ডৰ প্ৰমুখে আশা কৰিছে যে ভাৰততকৈ শ্ৰীলংকাত শীঘ্ৰে ক’ৰ’নাৰ আতংক কমিব।

ই এছ পি এন ক্ৰিক ইনফোৱে শ্ৰীলংকা ব’ৰ্ডৰ অধ্যক্ষৰ উদ্ধৃতি দি লিখে, ‍‘এইটো সত্যে, আই পি এ স্থগিত কৰিলে বি চি চি আই, ফ্ৰেঞ্চাইজি, স্পনছৰ তথা অন্যান্য মিলি ৫০০ মিলিয়ন ডলাৰৰো অধিক লোকচান হ’ব। সেয়ে অন্য দেশক আয়োজনৰ সুবিধা দি লোকচান কিছু কম কৰিব পাৰে’।

শ্ৰীলংকাৰ অধ্যক্ষগৰাকীয়ে কয়, ‍‘যদি শ্ৰীলংকাত খেলে তেন্তে দৰ্শকে টিভিত খেল উপভোগ কৰাটো সহজ হ’ব। ভাৰতীয় ব’ৰ্ডে দক্ষিণ আফ্ৰিকাত লীগখন আয়োজন কৰাৰ অনুভৱ আছে’।

উল্লেখ্য যে দুবাৰৰ বাবে আই পি এল ভাৰতৰ বাহিৰত অনুষ্ঠিত কৰিবগীয়া হৈছিল। লোকসভা নিৰ্বাচনৰ বাবে ২০০৯ ত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছিল। আনহাতে ২০১৪ চনতো নিৰ্বাচনৰ বাবে আই পি এলৰ প্ৰথম দুসপ্তাহ যু এ ইত অনুষ্ঠিত কৰিবলগীয়া হৈছিল।