হঠাতে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এইগৰাকী ক্ৰিকেটাৰৰ

Bhanuka_RAJAPAKSA

আন্তৰ্জাতিক ক্ৰিকেটক হঠাতে বিদায় জনালে শ্ৰীলংকাৰ ক্ৰিকেটাৰ ভানুকা ৰাজাপাকছে। তেওঁ অৱসৰৰ কাৰণ পাৰিবাৰিক বুলি কৈছে যদিও শ্ৰীলংকাৰ ক্ৰিকেট মহলৰ অধিকাংশই এই কাৰণ মানি ল’বলৈ টান পাইছে।  

শ্ৰীলংকান ক্ৰিকেট বোৰ্ডক বুধবাৰে প্ৰেৰণ কৰা পত্ৰখনত ৰাজাপাকছে পাৰিবাৰিক কাৰণ দৰ্শাই অৱসৰ লোৱা বুলি জনায়।

পত্ৰখনত ৰাজাপাকছে কয় যে ‘মই এজন খেলুৱৈ, স্বামী হিচাপে মোৰ দায়িত্বৰ কথা অত্যন্ত গভীৰভাৱে বিবেচনা কৰিছো আৰু পিতৃত্ব তথা আন পাৰিবাৰিক কাৰণৰ বাবে অৱসৰৰ সিদ্ধান্ত লৈছো।‘

ক্ৰিকেট মহলৰ মতে পাৰিবাৰিক কাৰণ নহয়, শেহতীয়াকৈ শ্ৰীলংকান বোৰ্ডে দেশখনৰ ক্ৰিকেটাৰসকলৰ বাবে জাৰি কৰা নতুন নিৰ্দেশনাৰ বাবেহে ৰাজাপাকছে অৱসৰ লৈছে। শ্ৰীলংকান বোৰ্ডে ক্ৰিকেটাৰসকলৰ ফিটনেছ বৃদ্ধি কৰিবলৈ নতুন নিৰ্দেশনা জাৰি কৰিছে।

নতুন নিৰ্দেশনা অনুসৰি প্ৰতি মাহে ক্ৰিকেটাৰসকলে ফিটনেছ পৰীক্ষা দিব লাগিব। এই পৰীক্ষাত উত্তীৰ্ণ নহ’লে দৰমহা কৰ্তন হ’ব বা দলৰ পৰা বাদ পৰিবও পাৰে।

ভানুকা ৰাজাপাকছে শ্ৰীলংকাৰ হৈ ৫খন আন্তৰ্জাতিক এদিনীয়া মেচ আৰু ১৮খন টী-২০ মেচ খেলিছে। এদিনীয়াত এটা অৰ্দ্ধশতৰাণকে ধৰি তেওঁ মুঠ ৰাণ সংগ্ৰহ কৰিছে ৮৯ৰাণ।

সেইদৰে, টী-২০ মেচত দুটা অৰ্দ্ধৰাণকে ধৰি তেওঁৰ মুঠ সংগ্ৰহ হৈছে ৩২০ৰাণ। ২০২১চনৰ টী-২০ বিশ্বকাপত শ্ৰীলংকাৰ হৈ ৮খন মেচত ১৫৫ৰাণ কৰিছিল।