ধৰ্ষণৰ অভিযোগত হোটেলৰ পৰা গ্ৰেপ্তাৰ বিশ্বকাপ খেলিবলৈ অহা তাৰকা ক্ৰিকেটাৰ

দানুষ্কা গুণতিলাকা।

Sri Lankan cricketer arrested for rape charge শ্ৰীলংকাৰ ক্ৰিকেটাৰ দানুষ্কা গুণতিলাকাক টি-২০ বিশ্বকাপ চলি থকাৰ সময়তে চিডনীত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। পুৱতি নিশা চিডনীৰ এখন হোটেলৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

বাতৰি অনুসৰি, শ্ৰীলংকাৰ ক্ৰিকেট দলৰ এক সূত্ৰই জানিবলৈ দিয়া মতে এগৰাকী মহিলাই গুণতিলাকাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে।

লগতে পঢ়ক: মাস্কৰ পদক্ষেপকলৈ অসন্তুষ্ট বিডেন! ‘টুইটাৰে সমগ্ৰ বিশ্বতে মিছা কথা বিয়পাই আছে’

ইয়াৰ ভিত্তিতে অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে পুৱতি নিশা শ্ৰীলংকাৰ দলটো থকা এখন হোটেলত তালাচী চলায় আৰু তেওঁক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে দানুষ্কা গ্ৰেপ্তাৰ হোৱাৰ মাত্ৰ কেইঘণ্টামান আগতে শ্ৰীলংকাই ইংলেণ্ডৰ বিৰুদ্ধে এখন টি-২০ বিশ্বকাপ খেল খেলিছিল। খেলখনত শ্ৰীলংকা পৰাস্ত হৈছিল।

এতিয়া দানুষ্কা গুণতিলাকা বিশ্বকাপত এটা ডাঙৰ কেলেংকাৰীত জড়িত হৈ পৰিল। শ্ৰীলংকাৰ তাৰকা ক্ৰিকেটাৰগৰাকীক এগৰাকী ২৯ বছৰীয়া মহিলাক যৌন নিৰ্যাতন কৰাৰ অভিযোগত চিডনীৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক: গুজৰাট নিৰ্বাচনৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত! দলৰ পৰা পদত্যাগ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীৰ

বাতৰি মতে গুণতিলাকাক নিউ চাউথ ৱেলছ আৰক্ষীয়ে শনিবাৰে পুৱতি নিশা শ্ৰীলংকাৰ টীম হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে।