২৫ বছৰ অতিক্ৰম কৰি ৰূপালী জয়ন্তী সম্পন্ন কৰা শিৱসাগৰৰ কুঁজিবালি হাঁহচৰাস্থিত শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ এতিয়া ইতিহাস হোৱাৰ পথত।
১৯৯৩ চনত শিৱসাগৰ জিলাৰ কুঁজিবালি হাঁহচৰাৰ সাংস্কৃতিক কৰ্মী বিশ্ব শইকীয়াই নিজা প্ৰচেষ্টাত গঢ়ি তুলিছিল শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ।
প্ৰথম অৱস্থাৰ পৰাই থিয়েটাৰখনৰ দৰ্শকৰ ৰুচি সম্পন্ন কাহিনী, উন্নত কাৰিকৰী কৌশল, জনপ্ৰিয় অভিনেতা অভিনেত্ৰী আৰু প্ৰযোজক বিশ্ব শইকীয়াৰ আপ্ৰাণ চেষ্টাৰ বাবে দৰ্শকৰ মাজত সমাদৰ লাভ কৰিছিল শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰে।
যাৰ বাবে অসমৰ আগশাৰী থিয়েটাৰ সমুহৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়।
এইসময়ত শিৱসাগৰৰ কুঁজিবালি হাঁহচৰাৰ স্থায়ী আখৰা গৃহত নাটকৰ আখৰাৰে ৰজনজনাই থকা এই আখৰা গৃহটো এতিয়া নিটাল নিস্তব্ধ। জহি-খহি গৈছে শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ আখৰা গৃহ।
কাৰণ দুটা বছৰৰ পূৰ্বে বন্ধ হৈ পৰে শংকৰদেৱ থিয়েটাৰ। প্ৰযোজক বিশ্ব শইকীয়া এক জটিল ৰোগত আক্ৰান্ত হোৱাত অৰ্থিকভাৱে দূৰ্বল হৈ পৰে পৰিয়ালটো। আৰ্থিক সমস্যা আৰু প্ৰযোজক বিশ্ব শইকীয়া শাৰিৰীক অসুস্থতাৰ বাবে দীৰ্ঘ দিন জিৰণী ল’বলগীয়া হোৱাৰ বাবে শংকৰদেৱ থিয়েটাৰ পুনৰ দৰ্শকৰ মাজলৈ আহিব নোৱাৰিলে। বন্ধ হৈ গ’ল শিৱসাগৰৰ পৰা জন্ম লাভ কৰা অসমৰ অন্যতম থিয়েটাৰ শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ।
আমাৰ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত শংকৰদেৱ থিয়েটাৰৰ প্ৰযোজক বিশ্ব শইকীয়াই কয়, “সেই সময়ত থিয়েটাৰখন বন্ধ নহ’বলৈ বহু চেষ্টা কৰিলো। অসমৰ বহু ব্যক্তিক থিয়েটাৰখন কিনিবলৈ অনুৰোধ জনাইছিলো, কিন্তু কোনেও আগ্ৰহ নিদিলে থিয়েটাৰখন কিনাৰ বাবে।”
কিছু আৱেগিক হৈ তেওঁ কয়, “সৰুৰে পৰা সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত হৈ আছিলো যদিও ১৯৯৩ চনত শংকৰদেৱ থিয়েটাৰৰ সৈতে প্ৰত্যক্ষভাৱে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিলো। বৰ্তমান অসমৰ থিয়েটাৰ উদ্যোগটোৰ দূৰাৱস্থা দেখি মোৰ বুকুত খুন্দা মাৰি ধৰে।”
তেওঁ কয় ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ বাদে ক’তো নাই। অসমৰ থিয়েটাৰ উদ্যোগটো থলুৱা শিল্পী থলুৱা যুৱক যুৱতীৰে গঠিত। এখন এখন থিয়েটাৰত এশৰো অধিক মানুহ জড়িত হৈ থাকে।
কিন্তু বৰ্তমান থিয়েটাৰ উদ্যোগটো অতি দুখ লগা অৱস্থাত আছে বুলি মন্তব্য কৰে। এইবাৰ ক’ৰ’না মহামাৰীৰ বাবে এই মাধ্যমটো অতি বেয়ালৈ গতি কৰিলে। যাৰ বাবে এই মাধ্যমত জড়িত ব্যক্তিসকলৰ পৰিয়াল সমুহৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা হৈছে।
এনে এক জটিল সময়ত তেওঁ চৰকাৰলৈ আহ্বান জনায় যে অসমৰ থিয়েটাৰ উদ্যোগটো পুনৰুজ্জীৱিত কৰিবলৈ আগভাগ লওঁক। মাধ্যমটো জীয়াই ৰাখক, ইয়াৰ লগত জড়িত থলুৱা হাজাৰ হাজাৰ মানুহ জীয়াই ৰাখক চৰকাৰলৈ তেওঁ এইয়াই আহ্বান জনায় বিশ্ব শইকীয়াই।
এসময়ত শতাধিক পৰিয়ালক কৰ্ম সংস্থাপন প্ৰদান কৰা বিশ্ব শইকীয়া এতিয়া আৰ্থিক ভাৱে দূৰ্বল। থিয়েটাৰটেই সমস্ত ধন খৰচ কৰা বিশ্ব শইকীয়াই এতিয়া চৰকাৰক আহ্বান জনাইছে তেওঁৰ দৰে থিয়েটাৰৰ লগত জড়িত প্ৰযোজক তথা আন আন কলা কুশলীক সহায় কৰিবলৈ।
আৰ্থিক অনাতনৰ বাবে শংকৰদেৱ থিয়েটাৰৰ প্ৰযোজক গৰাকীয়ে এইবাৰ চৰকাৰে প্ৰদান কৰা শিল্পী পেঞ্চনৰ বাবে আবেদন জনাইছে। চৰকাৰক অনুৰোধ জনাইছে সংস্কৃতিৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ কৰা তেওঁৰ দৰে শিল্পীক শিল্পী পেঞ্চন প্ৰদান কৰে যেন।