শ্ৰীৰামপুৰত কেইবাদিনো ধৰি আৱদ্ধ হৈ আছে শতাধিক পুৰণি লো ভৰ্তি ট্ৰাক। বৈধ জিএছটি নথি-পত্ৰ থকাৰ পিছতো ট্ৰাকসমূহক অসম-পশ্চিম বংগ সীমান্তৰ শ্ৰীৰামপুৰত যাবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে চালক আৰু হেণ্ডিমেনসকলে। কোনো স্পষ্ট কাৰণ অবিহনে গাড়ীসমূহ আটক কৰি ৰখাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি চালকসকলে পথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰিছে। প্ৰতিবাদৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা বুলিও জানিব পৰা গৈছে।
চালকসকলৰ অভিযোগ অনুসৰি সকলো বৈধ নথি-পত্ৰ থকাৰ পিছতো ট্ৰাকসমূহ এৰি দিয়া নাই আৰু আটকৰ কাৰণ সম্পৰ্কে কোনো তথ্য প্ৰদান কৰা নাই বিভাগে। তিনি-চাৰিদিন ধৰি আৱদ্ধ হৈ থকাৰ ফলত ট্ৰাকৰ চালকসকলে খোৱা-পানীৰ নাটনি আৰু শৌচাগাৰৰ অভাৱৰ সমস্যাৰ সন্মুখীন হৈছে। জিএছটি বিভাগৰ পৰা জানিব পৰা মতে, শীৰ্ষ কৰ্তৃপক্ষৰ নিৰ্দেশত ট্ৰাকসমূহ আটক কৰা হৈছে আৰু গুৱাহাটীৰ পৰা এৰি দিয়াৰ নিৰ্দেশ পালেহে গাড়ীসমূহ মুকলি কৰা হ’ব বুলি জনিব পৰা গৈছে।
এই ঘটনাৰ ফলত শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীৰ আশে-পাশে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। বৈধ নথি-পত্ৰ থকা ট্ৰাকসমূহক এইদৰে আৱদ্ধ কৰাৰ বিৰুদ্ধে ব্যৱসায়ীসকলে প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে শীঘ্ৰে ট্ৰাকসমূহ মুকলি কৰাৰ দাবী জনাইছে।