বৰপেটাৰ চেঙাত দুৰ্ঘটনাত নিহত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান, আন দুজন আহত

বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেঙাত ১৬ ডিচেম্বৰত সংঘটিত এক দুৰ্ঘটনাত সীমান্ত সুৰক্ষা বাহিনীৰ এজন জোৱান নিহত হোৱাৰ লগতে আন দুজন যুৱক গুৰুতৰভাৱে আহত হয়। নিহত যুৱকজন চেঙাৰ নিৱাসী কংকন দাস (২৮) বুলি জানিব পৰা গৈছে।

ছত্তিছগড়ত চাকৰি কৰা কংকন দাসে ছুটি লৈ ঘৰলৈ আহিছিল। আৰু দেওবাৰে সন্ধিয়া চেঙা পৰা বহৰিলৈ বাইকেৰে গৈ থকা অৱস্থাত চেঙা উন্নয়ন খণ্ডৰ সমীপত নিয়্ন্ত্ৰণ হেৰুৱাই এজন পথচাৰীক খুন্দিয়াই এটা খুঁটাত খুন্দা মাৰেগৈ। ফলত কংকনে থিতাতে প্ৰাণ হেৰুৱাৰ লগতে আনজন বাইক আৰোহী ৰিংকু আলী গুৰুতৰভাৱে আহত হয়। ইফালে মটৰচাইকেলৰ খুন্দাত চন্দন পাটোৱাৰী নামৰ পথচাৰীজনো আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনাত আহত হোৱা ৰিংকু আলীক বৰপেটা ফখৰুদ্দিন আলী আহমেগ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ বিপৰীতে চন্দন পাটোৱাৰীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।