কংগ্ৰেছে আমুৱালে! বিজেপি গমন প্ৰাক্তন বক্সাৰ বিজেন্দৰ সিঙৰ

Vijender Singh

ধাৰাবাহিকভাৱে বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ থকা, বিজেপিৰ জনবিৰোধী নীতিক সততে সমালোচনা কৰি অহা ভাৰতৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী বক্সাৰ বিজেন্দৰ সিঙৰ হঠাতে ঘটিল মনৰ পৰিৱৰ্তন।

আজি দেশৰ প্ৰাক্তন তাৰকা বক্সাৰগৰাকীয়ে আজি কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। লোকসভা নিৰ্বাচনৰ মাত্ৰ কেইটামান দিন পূৰ্বে  প্ৰায় পাঁচ বছৰীয়া কংগ্ৰেছী জীৱনৰ অৱসান ঘটায়।

উল্লেখ্য যে, ২০১৯ চনত কংগ্ৰেছত যোগদান কৰি ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল বিজেন্দৰ সিঙে। সেই বৰ্ষৰে লোকসভা নিৰ্বাচনত দক্ষিণ দিল্লী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। অৱশ্যে নিৰ্বাচনত পৰাস্ত হৈছিল বিজেন্দৰ।

আগন্তুক লোকসভা নিৰ্বাচনতো বৰ্তমানৰ বিজেপি সাংসদ হেমা মালিনীয়ে প্ৰতিনিধিত্ব কৰা মথুৰা সমষ্টিৰ পৰা বিজেন্দৰ কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত হ’ব পাৰে বুলি জল্পনা-কল্পনা চলিছিল।

কিন্তু এনে সম্ভাৱনাৰ অৱসান ঘটাই আজি বিজেন্দৰে গেৰুৱা বসন পৰিধান কৰে। বিজেপিত যোগদান কৰাৰ পিছতে বিজেন্দৰ সিঙে জাতিৰ স্বাৰ্থত আৰু জনসাধাৰণৰ সেৱাৰ বাবেই বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰে।

বিজেপিত যোগদান কৰি অধিক লোকক সহায় কৰিব বিচাৰে বুলি লগতে মন্তব্য কৰে প্ৰাক্তন বক্সাৰগৰাকীয়ে। বিজেন্দৰৰ বিজেপি গমনে কংগ্গ্ৰেছক কিছু হ’লেও ক্ষতি কৰাৰ লগতে বিজেপি লাভাৱান্বিত হ’ব বুলি চৰ্চিত হৈছে।

মূলতঃ প্ৰভাৱশালী জাট সম্প্ৰদায়ৰ পৰা অহা বিজেন্দৰ সিঙৰ ৰাজনৈতিক প্ৰভাৱ তেওঁৰ গৃহ ৰাজ্য হাৰিয়ানাৰ বিভিন্ন সমষ্টিৰ লগতে পশ্চিম উত্তৰ প্ৰদেশ আৰু ৰাজস্থানতো বিস্তৃত হৈ আছে।