NORTHEAST NOW (Assamese)

প্ৰতিশোধৰ লক্ষ্যৰে আজি গুৱাহাটীত ডিফেণ্ডিং চেম্পিয়ন ছাইনাৰ মুখামুখি হ’ব পি ভি সিন্ধু

February 16, 2019 10:55 am · এন ই নাও নিউজ
ছাইনা নেহৱাল আৰু পি ভি সিন্ধুৰ সংগৃহীত আলোকচিত্ৰ

গুৱাহাটীৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত চলি থকা ৮৩ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত আজি পৰস্পৰৰ মুখামুখি হ’ব ভাৰতৰ দুই আগশাৰীৰ শ্বাটলাৰ পি ভি সিন্ধু আৰু ছাইনা নেহৱাল। ডিফেণ্ডিং চেম্পিয়ন ছাইনাক স্বাভাৱিকতে প্ৰত্যাহ্বান জনাব বৰ্তমানৰ বিশ্বৰ দ্বিতীয়স্থানৰ পি ভি সিন্ধুৱে। দিনৰ ২.৪৫ বজাত অনুষ্ঠিত হ’ব হাই ভল্টেজ ফাইনেল খেলখন।

ফাইনেললৈ অগ্ৰসৰ হোৱাৰ পথত পি ভি সিন্ধুৱে ছেমি ফাইনেলত ২১-১০, ২২-২০ ব্যৱধানত পৰাস্ত কৰে অসমৰ প্ৰতিভাৱান যুৱ শ্বাটলাৰ অস্মিতা চলিহাক। প্ৰথমটো গেম অনায়াসে জয়লাভ কৰিলেও দ্বিতীয় গেমত অসমৰ সন্তান অস্মিতাৰ পৰা প্ৰত্যাহ্বান লাভ কৰে পি ভি সিন্ধুৱে। অৱশ্যে অভিজ্ঞতাৰ বলত বিজয়ী হয় সিন্ধু।

আনহাতে চলিত প্ৰতিযোগিতাত দমনীয় প্ৰদৰ্শন আগবঢ়োৱা ছাইনাই ছেমি ফাইনেলত ২১-১৫, ২১-১৪ ব্যাৱধানত পৰাস্ত কৰে মহাৰাষ্ট্ৰৰ বৈষ্ণৱী ভালেক।

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ প্ৰতিযোগিতাত ফাইনেলত সিন্ধুক পৰাস্ত কৰি চেম্পিয়ন হৈছিল ছাইনা নেহৱাল। অসমৰ ক্ৰীড়াপ্ৰেমীসকলে এখন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেল চাবলৈ পোৱাৰ আশাত স্বাভাৱিকতে উৎফুল্লিত হৈছে।

Related News