হায়ৰে দায়বদ্ধতা! অসম ৰাজ্যিক বিজেপিয়ে নাজানে মিজোৰামৰ ৰাজধানী কি?

আপুনি যদি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা এটি শিশুক মিজোৰাম নাইবা ত্ৰিপুৰাৰ ৰাজধানী কি বুলি প্ৰশ্ন কৰে তেন্তে সি তপৰাই উত্তৰ দিব মিজোৰামৰ আইজল আৰু ত্ৰিপুৰাৰ আগৰতলা।

কিন্তু অসম ৰাজ্যিক বিজেপিয়ে প্ৰকৃততে নাজানে মিজোৰামৰ ৰাজধানী কি?
অসমৰ ৰাজ্যিক বিজেপিৰ মতে মিজোৰামৰ ৰাজধানী ইম্ফল। তেন্তে মণিপুৰৰ ৰাজধানী কি হ’ব অসম ৰাজ্যিক বিজেপিৰ বাবে?

BJP ASSAM PRADESH নামৰ ৰাজ্যিক বিজেপিৰ অফিচিয়েল পেইজত দেখা পোৱা গৈছে এই বৃহৎ ভুল। তেওঁলোকে মিজোৰামৰ ৰাজধানী কৰি পেলালে ইম্ফলক।

বাতৰি যুগুত কৰাৰ প্ৰায় এঘন্টা পূৰ্বে বিজেপিৰ আই.টি. চেলে এটা পোষ্ট কৰে নিজৰ ফেচবুক পোষ্টত তথা বাতৰিটো প্ৰকাশ পোৱালৈকে শুধৰোৱা হোৱা নাই পোষ্টটো।

যিটো পোষ্টত লিখা আছে ‘আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰী অশোক সিংহল ডাঙৰীয়া আৰু শ্ৰী অতুল বৰা ডাঙৰীয়াই ইম্ফলত উপস্থিত হৈ মিজোৰাম চৰকাৰৰ প্ৰতিনিধিৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। উক্ত বৈঠকত দুয়োখন ৰাজ্যৰ সীমান্তত শান্তি বাহাল ৰাখিবলৈ কিছু যুটীয়া সিদ্ধান্ত লোৱা হয়।‘

কিন্তু পাঠক ৰাইজৰ লগতে বিজেপি অসম প্ৰদেশৰ আই.টি.চেলক আমি ক’ব বিচাৰো যে মিজোৰামৰ ৰাজধানী ইম্ফল নহয়, আইজলহে। আজি মন্ত্ৰী অশোক সিংহাল আৰু অতুল বৰা মিজোৰামৰ আইজলতহে উপস্থিত হৈছিল, ইম্ফলত নহয়।
প্ৰশ্ন হৈছে, ‘মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই শপতগ্ৰহণ কৰাৰ পাছত এনেবোৰ ভুল কিয় সঘনাই ঘটিবলৈ লৈছে?’

উল্লেখযোগ্য যে, অসম চৰকাৰৰ দুয়োগৰাকী মন্ত্ৰী মিজোৰাম চৰকাৰৰ প্ৰতিনিধিৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
আইজল ক্লাবত অনুষ্ঠিত বৈঠকত এইবুলি সুদ্ধান্ত লোৱা হয় যে সীমা সমস্যা সন্দৰ্ভত দুয়োখন ৰাজ্যই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ কাষ চাপিব আৰু গৃহ মন্ত্ৰালয়ে দিয়া বিধান মানি ল’ব।

শেহতীয়াকৈ মানুহৰ মাজত হোৱা চৰ্চাৰ  পিছত বিজেপিৰ উক্ত পেজৰ পৰা ইম্ফলৰ ঠাইত আইজল কৰা হৈছে।