আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ১১ খন আসন দখলৰ দাবী ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ

Ranjeet-Das-1-1140x570

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ফাইল ফটো

আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি দলে অসমত ১৪ খন আসনৰ ভিতৰত ১১ খন আসন দখল কৰিব। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত মঙলবাৰে ‘বিজেপি বাৰ্তা’ উন্মোচন অনুষ্ঠানৰ মাজতে এইদৰে  মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

ৰাজ্যিক সভাপতি দাসে ভাৰতীয় জনতা পাৰ্টি লোকসভা নিৰ্বাচনলৈ সাজু বুলি উল্লেখ কৰি ২০১৯’বৰ্ষটো বিজেপিৰ কৃতকাৰ্যতাৰ বছৰ হ’ব বুলি মন্তব্য কৰে।

দাসে লগতে দলীয় কাৰ্যকৰ্তাসকলক ৮ ঘন্টা নহয়, ১৬ ঘন্টাকৈ কাম কৰাৰ আহ্বান জনাই কয় যে তেওঁলোকে এতিয়া নিৰ্বাচনলৈ ৯০ দিন নহয়, আৰু ৪৫ দিন আছে বুলি ধৰি লৈ কাম কৰক।

সভাপতি দাসে লগতে দাবী কৰি কয়, ‘’ বিজেপিৰ ৫ জন বিধায়ক থকা সময়তে লোকসভাত ৭ খন আসন দখল কৰিছিলো। এতিয়া চৰকাৰ আমাৰ, গতিকে ১৪ খন আসনৰ ১১ খন আমাৰ দখলত থাকিব।‘’

অগপৰ সৈতে মিত্ৰতা সন্দৰ্ভত ৰাজ্যিক সভাপতি গৰাকীয়ে সেয়া কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল বুলি কয়।

অসমত ৮৬০ জন শ্বহীদৰ বলিদানেই সফল নহ’ল বুলি কোৱাৰ লগতে দাসে সেই ৮৬০ জন শ্বহীদৰ ওচৰত আজিৰ আন্দোলন ডাঙৰ নহয় বুলি মন্তব্য কৰে। তেওঁ কয় যে সংশোধনী বিধেয়কত কি আছে তাক নজনাকৈ আন্দোলন কৰাটো অৰ্থহীন। সেয়ে, জেপিচিৰ সিদ্ধান্তক লৈ কোনে আন্দোলন কৰিছে সেয়া ডাঙৰ কথা নহয় বুলিও দাসে মন্তব্য কৰে।