অসমৰ ১৪টা সমষ্টিৰ আটাইকেইটা বিজেপি-মিত্ৰজোঁটে দখল কৰাৰ দাবী ৰাজ্যিক সভাপতিৰ

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সংবাদমেল

গুৱাহাটীত শুকুৰবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

অসমৰ ১৪ টা লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈ উৎসাহী ৰঞ্জিত দাস। আজি এক সংবাদমেলযোগে এই কথা সদৰী কৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকী।

“প্ৰথম পৰ্যায়ৰ ৫ টা সমষ্টিৰ ৫ টাই দখল কৰিব বিজেপিয়ে,’’-বুলি দাবী কৰি সভাপতি দাসে কয় যে ‘’বিজেপি গণতন্ত্ৰত বিশ্বাসী দল।

আকৌ এবাৰ কিয় মোদী চৰকাৰ হ’ব তাৰ বাখ্যা ৰাইজেহে দাঙি ধৰিছে বুলি উল্লেখ কৰি সংবাদমেলত অত্যুৎসাহী ৰঞ্জিত দাসে বিজেপিৰ অংক মিলোৱাত ব্যস্ত হৈ পৰে।

ৰাজ্যখনৰ ১৪ টা লোকসভা সমষ্টিয়ে বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ দখলত আহিব বুলি দাবী কৰি দাসে কয়, “ধুবুৰীত জাভেদ ইছলাম নিশ্চয়কৈ জয়ী হ’ব। ধুবুৰীবাসীয়ে আজমলৰ ৰাজনৈতিক বেদখল উৎখাত হোৱাটো বিচাৰিছে। সবল প্ৰাৰ্থী আজমল আৰু আবু তাহেৰ, তাতকৈও অধিক শক্তিশালী জাভেদ ইছলাম।”

ইপিনে, কোকৰাঝাৰ সমষ্টিতো বিপিএফৰ প্ৰাৰ্থী জয় হোৱা নিশ্চিত বুলি দাবী কৰি তেওঁ কয়, “সংবিধান বহিৰ্ভুত শব্দ অবড়ো। ৰাইজে মানিছে অবড়োৰ নামত ৰাজনীতি নকৰো বুলি। গতিকে প্ৰমীলা ৰাণী ব্ৰহ্ম জয়ী হোৱাৰ সম্ভাৱনা প্ৰবল।‘’

আনহাতে, বৰপেটা সমষ্টিত ৫০ হাজাৰ ভোটত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস জয়ী হ’ব বুলিও দাবী কৰে দাসে। লগতে মঙ্গলদৈ সমষ্টিতো তেওঁৰ মতে দিলীপ শইকীয়া জয়ী হ’ব ২ লাখ ভোটত।

তদুপৰি, বিশাল ভোটত ডিফু সমষ্টিত হৰেনসিং বে জিকিব বুলি কোৱাৰ উপৰি  কৰিমগঞ্জ আৰু শিলচৰো বিজেপিৰ দখলত আহিব বুলি প্ৰবল আশাবাদী ৰাজ্যিক সভাপতি জন।

ইপিনে, পূৰ্বতে বিজেপি আৰু মিত্ৰজোঁট মিলি ১১ খন আসন দাবী কৰা দাসৰ অংকৰ সূত্ৰ পুনৰ সলনি হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

আনহাতে, সেই একেখন সংবাদমেলত কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয়, “কংগ্ৰেছ দল যে পৰিয়ালতান্ত্ৰিক এই কথা ৰাইজে উপলব্ধি কৰিছে।ৰাহুল গান্ধীয়ে অসমীয়া কৃষ্টি সংস্কৃতিৰ কথা একো নাজানে, জাপিক টুপী বুলি কয়।‘’

আজমলৰ লগত কংগ্ৰেছৰ মুকলি মিত্ৰতা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, “সেয়েহে তেজপুৰ, কলিয়াবৰ, নগাওঁ আৰু কোকৰাঝাৰত প্ৰাৰ্থী দিয়া নাই। একমাত্ৰ পুত্ৰ সাংসদ হোৱাৰ স্বাৰ্থত গগৈয়ে আজমলৰ সৈতে মিত্ৰতা কৰিছে।‘’

তাৎপৰ্যপূৰ্ণভাবে, অগপ বিজেপিৰ মিত্ৰতা কৰাৰ বাবে তৃণমূল কৰ্মীৰ ক্ষোভৰ প্ৰসংগ সাংবাদিকে সোধাত তেওঁ এখন বিয়াঘৰৰ সৈতে কথাটো তুলনা কৰে।

“এখন বিয়াত পৰিয়ালৰ সদস্যৰ মাজতো কিছু কথাত মত বিৰোধ থাকে। ৰভা দিয়াৰ ক্ষেত্ৰত কিছুমানে এনেকৈ দিলে ভাল আছিল আৰু কিছুমানে এনেকৈ দিলেহে বেছি ভাল হ’ব বুলি কয়। কিছুমানে গৰু গাখীৰৰ দৈ ভাল বুলি কয় আৰু কিছুমানে ম’হৰ গাখীৰৰ দৈ বেছি ভাল বুলি কয়। তথাপিও বিয়াৰ দিনা সকলোৱে সুন্দৰ সাজ পাৰ পিন্ধি হাঁহি মাতি সুন্দৰকৈ বিয়াখন আয়োজন কৰে,” এনেদৰে এক আমোদজনক উদাহৰণ দাঙি ধৰে সভাপতি দাসে।