মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ত দুৰ্নীতি হোৱাৰ তথ্য থাকিলে ৰাজহুৱা কৰক : ৰূপম গোস্বামী

9adee938-c9d5-48af-8137-0cb9cebf5e77

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী। ফাইল ফটো

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ কাৰ্য্যালয়ক ৰক্ষণাবেক্ষণ দিয়াত দেওবাৰে উঠি পৰি লগা দেখা গ’ল ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীক। আনকি আজি নিজ বাসগৃহতে সংবাদ মাধ্যমৰ জৰিয়তে গোস্বামীয়ে মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ত হোৱা দুৰ্নীতি আৰু চিণ্ডিকেটৰ কিবা তথ্য প্ৰমাণ থাকিলে কংগ্ৰেছ আৰু এ আই য়ু ডি এফক ৰাজহুৱা কৰিবলৈও দাবী জনায়।

গোস্বামীৰ মতে “তেওঁলোক ধৰাশায়ী হ’ব বুলি অনুমান কৰিব পাৰিছে। সেয়েহে শংকিত হৈ মনে সজা কিছুমান গোচৰ চৰকাৰখনৰ ওপৰত জাপি দিবলৈ বিচাৰিছে।”

“অসম কংগ্ৰেছ আৰু এআইয়ুডিএফ মুক্ত হ’ব, সেয়েহে অস্তিত্বৰ শংকাত ভুগিয়ে দুয়োটা দলে মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ত দুৰ্নীতি হোৱা বুলি কৈছে।” মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ত দুৰ্নীতি হোৱা বুলি গুৰুতৰ অভিযোগ অনা দুয়ো বিৰোধীক সমালোচনা কৰি এইদৰে কয় গোস্বামীয়ে।

বিৰোধী দল দুটাক প্ৰত্যাহ্বান জনাই গোস্বামীয়ে কয়,”মিছা অনুমানৰ ভিত্তিত মনে সজা কিছুমান অভিযোগ আনিছে দুয়োটা দলে। যদি তেওঁলোকৰ হাতত কিবা তথ্য আছে তেন্তে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰক বা মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ত গৈ দুৰ্নীতিৰ তথ্য দাখিল কৰক।”

“কংগ্ৰেছ আৰু এআইয়ুডিএফ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। কংগ্ৰেছৰ হাতত এতিয়া কোনো ইচ্ছু নাই,”-গোস্বামীয়ে কয়।