অসম বিধানসভা নিৰ্বাচনৰ ফলাফল: ৰণত পৰিল কোন কোন ৰথী-মহাৰথী?
তিনিটা পৰ্যায়ত অনুষ্ঠিত অসম বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনা আজি পুৱা ৮ বজাৰ পৰা চলি আছে। এতিয়ালৈকে ঘোষিত ফলাফল অনুসৰি এইবাৰৰ নিৰ্বাচনত বহু কেইগৰাকী ৰথী-মহাৰথীয়ে পৰাজয়ৰ মুখ দেখিবলগীয়া হয়।
তেওঁলোকৰ ভিতৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাকে ধৰি আন বহু কেইগৰাকী প্ৰভাৱশালী ৰাজনীতিক আছে।
একেদৰে অসম জাতীয় পৰি।দৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে নহৰকটীয়া সমষ্টিত বিজেপিৰ তৰংগ গগৈৰ হাতত পৰাজিত হয়।
বিপিএফৰ নেত্ৰী তথা মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম কোকৰাঝাৰ পূৱ সমষ্টিত পৰাস্ত হয় ইউপিপিএলৰ লৰেঞ্চ ইছলাৰীৰৰ হাতত।এইবাৰৰ নিৰ্বাচনত পৰাজিত প্ৰভাৱশালী ৰাজনীতিকৰ ভিতৰত এগৰাকী হৈছে বিপিএফৰ চন্দন ব্ৰহ্ম।
চিদলী সমষ্টিত চন্দন ব্ৰহ্মক পৰাস্ত কৰিছে ইউপিপিএলৰ জয়ন্ত বসুমতাৰীয়ে।
এজেপিৰ পবীন্দ্ৰ ডেকা পাটাচাৰকুছি সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ হাতত বৃহৎ ভোটৰ ব্যৱধানত পৰাজিত হৈছে।নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক ভূপেন বৰাই বিহপুৰীয়া সমষ্টিত বিজেপিৰ অমিয় কুমাৰ ভূঞাৰ হাতত পৰাস্ত হৈছে।
লখিমপুৰ বিধানসভা সমষ্টিত উৎপল দত্ত পৰাজিত হৈছে বিজেপিৰ মানৱ ডেকাৰ হাতত।এজেপিৰ আহ্বায়ক তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা শদিয়া সমষ্টিত পৰাস্ত হৈছে।আমগুৰী সমষ্টিত অগপৰ প্ৰদীপ হাজৰিকাৰ হাতত পৰাস্ত হৈছে কংগ্ৰেছৰ অংকিতা দত্ত।