অসমত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব শেষ হোৱাৰ পিছত এতিয়া চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশৰ প্ৰতীক্ষাত আছে সকলো। ১৭ এপ্ৰিল মনোনয়ন প্ৰত্যাহাৰ আৰু চূড়ান্ত তালিকা নিৰ্ধাৰণৰ দিন নিৰ্ধাৰিত কৰা হৈছে। তালিকা চূড়ান্ত হোৱাৰ পিছতে প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান আৰম্ভ কৰিব পাৰিব।
উল্লেখ্য যে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, মুঠ ৭,০৫৪ খন মনোনয়ন পত্ৰ দাখিল হৈছে, য’ত ৫৩৫ খন গৃহীত হৈছে আৰু ৩ খন বাতিল কৰা হৈছে।
২০২৫ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মহিলাৰ সংখ্যা ৫৪.৮ শতাংশৰ বিপৰীতে পুৰুষ ৪৫.২ শতাংশ। ৰাজনৈতিক দলৰ পৰা সমৰ্থিত প্ৰাৰ্থী ২০ শতাংশৰ বিপৰীতে ৮০ শতাংশ নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে।
জিলা হিচাপত বজালীত ৭৯, বৰপেটাত ৩৬৮, বিশ্বনাথত ১৮০, বঙাইগাঁওত ১৯৯, কাছাৰত ৪৯৪, চৰাইদেউত ১০১, দৰঙত ২৩৩, ধেমাজিত ২০৭, ধুবুৰীত ৫৩৪, ডিব্ৰুগড়ত ২৮৫, গোৱালপাৰাত ২৭৩, গোলাঘাটত ৩৪৯, হাইলাকান্দিত ৩৫৭, হোজাইত ২৫১, যোৰহাটত ২৪৩, কামৰূপত ৩৭৮, কামৰূপ মহানগৰত ৫৮, লখিমপুৰত ২৭৬, মঙলদৈত ৬৩, মৰিগাঁওত ২১৯, নগাঁওত ৪৯৪, নলবাৰীত ১৬৭, শিৱসাগৰত ২৫৯, দক্ষিণ শালমাৰাত ১৭৫, শোণিতপুৰত ২১৭, শ্ৰীভূমিত ৩২৪ আৰু তিনিচুকীয়াত ২৬৭ মনোনয়ন দাখিল হৈছে।
উল্লেখ্য যে জিলা পৰিষদৰ ৩৯৭ জন, আঞ্চলিক পঞ্চায়তৰ ২,১৯২জন আৰু গাঁও পঞ্চায়তৰ ২১,৯২০ সদস্য নিৰ্বাচনৰ বাবে ২ আৰু ৭ মে’ত ভোট গ্রহণ হ’ব। উজনি, উত্তৰ আৰু বৰাক উপত্যকাৰ ১৪ জিলাত ২ মে’, মধ্য আৰু নামনি অসমৰ ১৩ জিলাত ৭ মে’ত ভোট হ’ব। ১১ মে’ত ভোট গণনা হ’ব আৰু ভোট গ্ৰহণৰ দিনা ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে।