শংকৰদেৱৰ জন্ম জয়ন্তীৰ দিনটোক ৰাষ্ট্ৰীয় বন্ধ হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰক পত্ৰ দিব ৰাজ্য চৰকাৰে

20200106060237_DV7A1101

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পোনপ্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে উদযাপন কৰা হ’ব বুলি মন্তব্য কৰে।

শংকৰদেৱৰ জন্ম জয়ন্তীৰ দিনটোক ৰাষ্ট্ৰীয় বন্ধ হিচাপে ঘোষণা কৰা আৰু এন চি আৰ টি পাঠ্যক্ৰমত  শংকৰদেৱ সম্পৰ্কীয় পাঠ অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

ইয়াৰ উপৰি নগাঁও জিলাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৩০০ বিঘা ভূমিৰ ব্যৱস্থা কৰিবলৈ নগাঁও জিলাৰ উপায়ুক্তক মুখ্য মন্ত্ৰীয়ে আজিৰ বৈঠকতে নিৰ্দেশ দিয়ে।

বৈঠকত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধি সকলে মুখ্য মন্ত্ৰীক অৱগত কৰি কয় যে ৫৬ খন বিদ্যালয় আৰু ৪ খন মহাবিদ্যালয় নিজা পুঁজিৰে পৰিচালিত কৰি আহিছে। এই ক্ষেত্ৰত সংঘৰ প্ৰতিনিধি সকলে চৰকাৰী অনুদান আগবঢ়াবলৈ মুখ্য মন্ত্ৰীক অনুৰোধ জনায়।

এই ক্ষেত্ৰত মুখ্য মন্ত্ৰীয়ে শিক্ষা বিভাগক আৰ্থিক সাহায্য প্ৰদানৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।সংঘৰ প্ৰতিনিধি সকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ৰাজহুৱা আৰু বেচৰকাৰী অংশীদাৰিত্বৰে পৰিচালিত কৰিবলৈও মুখ্য মন্ত্ৰীয়ে অনুৰোধ জনায়।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক অধিৱেশনৰ বাবে উপ-ৰাষ্ট্ৰপতিক আমন্ত্ৰণ কৰিবলৈ সংঘই সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ বুলিও কয়।

আজিৰ এই বৈঠকত শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য ,চিব মনিন্দৰ সিং, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, মুখ্য মন্ত্ৰীৰ সচিব ৰঞ্জন চক্ৰৱৰ্তী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ভৱেন্দ্ৰ নাথ ডেকা, পদাধিকাৰ কমলাকান্ত গগৈ, উপ-পদাধিকাৰ বসু্ন্ধৰ ডেকা, যুটীয়া সম্পাদক কুশল ঠাকুৰীয়া উপস্থিত থাকে।