শীর্ষ ১০ খন বিদ্যালয়ৰ ভিতৰত স্থান লাভ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ

IMG-20190903-WA0004

ফটো : নৰ্থ-ইষ্ট নাও

অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ঘোষণা কৰিলে ৰাজ্যৰ দহখন শীৰ্ষ বিদ্যালয়ৰ নাম।

উচ্চ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা এই দহখন বিদ্যালয়ৰ ভিতৰত শিৱসাগৰ জিলাৰ পৰা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত একেৰাহে তিনি বছৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ লাভ কৰাৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ দহখন বিদ্যালয়লৈ এই সন্মান প্ৰদান কৰিছে।

প্ৰতিখন বিদ্যালয়কে নগদ এক লাখ টকা প্ৰদান কৰিব।

অহা ৫ ছেপ্তেম্বৰ অৰ্থাৎ শিক্ষক দিৱসৰ দিনা গুৱাহাটীৰ পাঞ্জাবাৰীস্থ শ্ৰীমন্ত শংকৰ দেৱ আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিব লগীয়া অনুষ্ঠানতে বিদ্যালয় কেইখনক পুৰস্কৃত কৰিব বুলি জানিবলৈ দিয়ে।

শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ লগতে উচ্চ পাৰদৰ্শিতাৰ সন্মান লাভ কৰা আন ৯ খন বিদ্যালয় হ’ল ক্ৰমে বাক্সাৰ গিৰিশ বিদ্যাপিঠ (এচপিএল) হাইস্কুল, বৰপেটাৰ হিলাপাকৰী হাই মাদ্ৰাছা, দৰং জিলাৰ ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, খান্দাজান মডেল হাইস্কুল, চানোৱা হাই মাদ্ৰাছা, যোৰহাটৰ বাল্যভৱন হাইস্কুল, নলবাৰীৰ পশ্চিম চামতা হাইস্কুল আৰু তিনিচুকীয়াৰ হিন্দী ইংৰাজী হাইস্কুল।

৫ ছেপ্তেম্বৰত দিনৰ ১০ বজাত অনুষ্ঠিত কেন্দ্ৰীয় শিক্ষক দিৱসত এই দহখন বিদ্যালয়ৰ প্ৰধান শিক্ষক/ শিক্ষয়ত্ৰীৰ লগতে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিক উপস্থিত থাকিবলৈ কোৱা হৈছে।

শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যয়ালয়ে এই সন্মান লাভ কৰাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু সমগ্ৰ শিৱসাগৰবাসীয়ে আনন্দ প্ৰকাশ কৰিছে।

উল্লেখ্য যে ১৮৪০ চনত স্থাপিত হৈছিল অসমৰ দ্বিতীয়খন চৰকাৰী হাইস্কুল শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়।

শিৱসাগৰ চহৰৰ মাজমজিয়াত অৱস্থিত এইখন বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰা ১১ গৰাকী ছাত্ৰই পৰৱৰ্তী সময়ত অসম সাহিত্য সভাৰ সভাপতিৰ আসনত অধিষ্ঠিত হোৱাৰ লগতে দেশে-বিদেশে বহু ছাত্ৰই নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।