৩০ অক্টোবৰত বিজ্ঞাপন : প্ৰাথমিক বিদ্যালয়ত দহ হাজাৰ শিক্ষক নিযুক্তি দিব ৰাজ্য চৰকাৰে

PRIMARY

প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত ৰাজ্য চৰকাৰে দহ হাজাৰ শিক্ষক নিযুক্তি দিয়াৰ প্ৰস্তুতি চলাইছে। ইয়াৰ বাবে অহা ৩০ অক্টোবৰত প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিবলৈ শিক্ষা বিভাগে সিদ্ধান্ত লৈছে।

ইপিনে শিক্ষা বিভাগৰ সংশোধিত বিজ্ঞাপনত কৰ্মৰত টে’ট উত্তীৰ্ণ ঠিকাভিত্তিত আঠ হাজাৰৰো অধিক শিক্ষকৰ স্থায়ী পদত নিযুক্তিৰ সুযোগ থাকিবনে নাই তাক লৈ শংকাৰ সৃষ্টি হৈছে। ২০১২ বৰ্ষতে নিযুক্তিপ্ৰাপ্ত টে’ট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ ভিতৰত প্ৰায় ৯ হাজাৰ শিক্ষকৰ পুনৰ চাকৰিৰ বাবে আৱেদনৰ  বয়স উকলি গৈছে।

আনহাতে, ৰাজ্য চৰকাৰে শেহতীয়াকৈ চাকৰিৰ আৱেদনৰ ক্ষেত্ৰত বয়সৰ উচ্চ সীমা ৩৮ বছৰৰ পৰা ৪৪ বছৰলৈ বৃদ্ধি কৰিছে যদিও প্ৰাথমিক বিদ্যালয়ৰ উক্ত  ঠিকা-ভিত্তিক শিক্ষকসকলৰ বয়স ৪৪ বছৰ অতিক্ৰম কৰিছে।

ইতিমধ্যে চৰকাৰে এইসকল শিক্ষকক স্থায়ী পদত নিযুক্তিৰ কোনো ব্যৱস্থা নকৰাত প্ৰাথমিক বিদ্যালয়ৰ এই  ৯ হাজাৰ শিক্ষক এতিয়া চিৰদিনৰ বাবে বঞ্চিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। আনহাতে, জানিব পৰা মতে সংশোধিত বিজ্ঞাপনত বয়স উকলা ঠিকা-ভিত্তিক শিক্ষকসকলৰ বাবে বয়স ৰেহাইৰ কোনো সুযোগ ৰখা হোৱা নাই।

গতিকে, বিজ্ঞাপন প্ৰকাশ পাবলগীয়া ১০ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ খালী পদৰ বাবে কৰ্মৰত ঠিকা-ভিত্তিক ৩০ হাজাৰ শিক্ষকৰ ভিতৰত মাত্ৰ ২১ হাজাৰ শিক্ষকেহে আৱেদনৰ সুযোগ পাব।

আনহাতে বঞ্চিত ৯ হাজাৰ ঠিকা-ভিত্তিক শিক্ষকৰ চাকৰিৰ স্থায়িত্বক লৈ ভৱিষ্যতে  সমস্যাৰ সৃষ্টি হ’ব। ঠিকা-ভিত্তিত নিযুক্ত শিক্ষকসকলক শিক্ষা বিভাগে এইদৰে চাটাই কৰাৰ ষড়যন্ত্ৰ চলাইছে নেকি তাত বহুতেই সন্দেহ প্ৰকাশ কৰিছে।